সোমবাৰে যোৰহাটত ক’ভিড–১৯ ৰোগত আক্ৰান্ত হৈ ডাঃ অশ্বিনী কুমাৰ দত্তৰ মৃত্যু হয়। মাজুলীত কৰ্মৰত ৫০ বছৰীয়া চিকিৎসকগৰাকী যোৰহাট সেউজপুৰৰ বাসিন্দা আছিল ৷
উল্লেখ যোগ্য যে, ডা° দত্ত কৰ্কট ৰোগটো আক্ৰান্ত হৈ আছিল ৷ চিকিৎসকগৰাকী কোভিড–১৯ত আক্ৰান্ত হোৱাৰ পিছত জেএমচিএইছত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় চিকিৎসকগৰাকীৰ। যোৰহাটৰ স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি চিকিৎসকগৰাকীয়ে কোভিড–১৯ৰ ভেক্চিন গ্ৰহণ কৰা নাছিল ।
লক্ষণীয় বিষয় যে, ক'ভিডৰ বিৰুদ্ধে যুঁজ দি অহা বহু চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে কোভিড–১৯ৰ ভেক্চিন ল’বলৈ অনীহা প্ৰকাশ কৰিছে। যোৰহাটত ৩৬% চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে লোৱা নাই ক'ভিড–১৯ৰ ভেক্চিন। যোৰহাটৰ স্বাস্থ্য বিভাগত হোৱা পঞ্জীয়ন অনুসৰি ৭৮৩৩ গৰাকী চিকিৎসাকৰ্মীয়ে ভেক্চিন ল’ব লাগিছিল। তাৰ বিপৰীতে, তথ্য অনুসৰি ১ মাৰ্চ পৰ্যন্ত মাত্ৰ ৫০৩৮ গৰাকী চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে ভেক্চিন গ্ৰহণ কৰিছে।
চিকিৎসকগৰাকীৰ মৃত্যুৰ পিছত তৎপৰ হৈ পৰিছে যোৰহাট জিলা স্বাস্থ্য বিভাগ, পুনৰ আহ্বান জনাইছে সকলোকে ভেক্চিন ল’বলৈ ।
- Log in to post comments
- 17 views