অমিত শ্বাহৰ সৈতে লুৰীণজ্যোতি গগৈৰ ফটো বিকৃতিকৰণ: পানবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ

Police station

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ফটো বিকৃত কৰি দুষ্টচক্ৰই অপপ্ৰচাৰ চলাইছিল সামাজিক মাধ্যমত।ফটো বিকৃতিকৰণ কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ’ল নৱ গঠিত আঞ্চলিক দল এজেপি।

শনিবাৰে পানবজাৰ মহিলা আৰক্ষী থানাত এজেপিৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিয়ে ঘটনা সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ। জাতীয় মহিলা শক্তিয়ে এজাহাৰৰ সৈতে সংলগ্ন কৰি দিছে সভাপতি গৰাকীক বিকৃতকৰণ কৰি প্ৰস্তুত কৰা ফটোখন।

Meme

এজাহাৰত উল্লেখ থকা ফটোখনত লুৰীণজ্যোতি গগৈক শাৰী পিন্ধি থকা অৱস্থাত গৃহমন্ত্ৰী অমিত শ্বাহে খেদি গৈ আছে।

বিকৃত ফটোখন “ভইছ অফ্‌ আসাম" নামৰ টুইটাৰ একাউন্ট এটাত উপলব্ধ আৰু তাৰ পৰাই ভাইৰেল হোৱা বুলি সন্দেহ কৰিছে জাতীয় মহিলা শক্তিয়ে।

গুৰুত্বপূৰ্ণ কথা এই যি, বিভিন্ন সময়ত ৰাজ্যত প্ৰায় বিলাক সামাজিক মাধ্যমত ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনৰ নেতৃত্বৰ বিভিন্ন ফটো একাংশ দুষ্টচক্ৰই সম্পাদনা কৰি নিকৃষ্ট ৰূপত প্ৰচাৰ কৰে।

Your Comments