Co-Win এপ্ৰ মাধ্যমত প্রি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব ১ মাৰ্চৰপৰা আৰম্ভ হ’ব লগা বয়োজ্যেষ্ঠ সকলৰ টিকাকৰণৰ ৱাবে । টিকাকৰণ কেন্দ্রলৈ গৈ ৰেজিষ্ট্ৰেচন কৰিব পৰা যাব। চৰকাৰী স্থানত ভেক্চিনৰ বাবে কোনো খৰচ ভৰিব লগা নহ’ব। বেচৰকাৰী ক্ষেত্রত প্রয়োজনীয় চাৰ্ভিছ চার্জৰ বাবদ ১০০ টকা আৰু ভেক্চিনৰ মূল্য দিব লাগিব ৷
স্থানীয় কোন কেন্দ্রত ভেক্চিন প্ৰদান কৰা হ’ব সেই বিষয়ত চৰকাৰী ভাৱে প্রচাৰ কৰি চৰকাৰী কেন্দ্রসমূহৰ কথা জনোৱা হ’ব। বেচৰকাৰী কেন্দ্রত ভেক্চিনৰ দাম নির্ধাৰণ কৰিব কেন্দ্রীয় চৰকাৰে। উল্লেখ যোগ্য যে, ১০,০০০ টা চৰকাৰী কেন্দ্র আৰু ২০,০০০ টা বেচৰকাৰী কেন্দ্রত ভেক্চিন প্ৰদান কৰা হ’ব।
জানিবলৈ পোৱা গৈছে, অহা ৩ ৰপৰা ৪ দিনৰ ভিতৰত সেই খৰচৰ তালিকা প্ৰকাশ কৰা হ’ব। চিকিৎসালয়ৰ সৈতে আলোচনা কৰি ভেক্চিন লোৱাৰ খৰচ নির্ধাৰিত হ’ব।
- Log in to post comments
- 12 views