প্ৰৱক্তাক অপমান কৰি ছাত্ৰ-ছাত্ৰীৰ ৰোষত কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ দিগন্ত কুমাৰ দাস: লিখিত ক্ষমা-ভিক্ষা

Registrar

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ দিগন্ত কুমাৰ দাসৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ক গৰাকীৰ কাৰ্যালয় ঘেৰাও কৰি  বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ।  

উল্লেখ যোগ্য যে, গৰিমা মণ্ডিত বিশ্ববিদ্যালয়খনৰ নৃতত্ব বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ডঃ তিলোতমা বৰুৱাক পঞ্জীয়ক দাসে কাৰ্যালয়ত অপমান কৰাৰ গুৰুতৰ অভিযোগৰ বিৰুদ্ধে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ ।

ছাত্ৰ-ছাত্ৰীসকলে দাসৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কটনিয়ানৰ লগতে অপমানিত হোৱা মহিলা অধ্যাপিকা গৰাকীৰ সন্মুখত লিখিত ৰাজহুৱা ক্ষমা খোজা দাবী জনায়। প্ৰথম অৱস্থাত ডঃ দাসে  ছাত্ৰ-ছাত্ৰীৰ আহ্বানলৈ সঁহাৰি জনোৱা নাছিল যদিও কটনিয়ানৰ উত্তাল প্ৰতিবাদত কাৰ্যালয়ৰ পৰা ছাত্ৰ সমাজৰ সন্মুখলৈ আহিবলৈ বাধ্য হয়।

বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ক দাসক অধ্যাপিকা গৰাকীক অপমান কৰাৰ ঘটনাৰ সন্দৰ্ভত জবাবদিহি কৰে।

পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰী সকলে পঞ্জীয়ক ডঃ দাসক বিশ্ববিদ্যালয়ৰ কনফাৰেন্স কক্ষত সংবাদ মাধ্যমৰ  সন্মুখত ৰাখি বিভিন্ন সময়ত ছাত্ৰ সমাজৰ বিৰুদ্ধে তেওঁ কৰি থকা বিভিন্ন অভিযোগ ৰাজহুৱা কৰে। পঞ্জীয়ক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলক বিভিন্ন সময়ত ফোন যোগে ভাবুকি প্ৰদান কৰাৰ দৰে গুৰুত্বৰ অভিযোগ সংবাদ মাধ্যমৰ সন্মুখত তুলি ধৰে। ছাত্ৰ-ছাত্ৰী সকলে পঞ্জীয়ক গৰাকীক লিখিত ভাৱে তেওঁ কৰা ভুলৰ ক্ষমা বিচৰাৰ দাবী জনায়।

পঞ্জীয়ক আৰু উপাচাৰ্য মিলি বিশ্ববিদ্যালয়খনত একছত্ৰী শাসন আৰু দুৰ্নীতি চলোৱাৰ গুৰুত্বৰ অভিযোগো উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷  ইমানবোৰ অভিযোগৰ অন্তত দাসে লিখিত ভাৱে ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল। ছাত্ৰ-ছাত্ৰীৰ প্ৰৱল দাবীত জ্যেষ্ঠ অধ্যাপিকা গৰাকীৰ বিভাগত গৈ লিখিত ভাৱে ক্ষমা খুজিব লগা হয় পঞ্জীয়ক ডঃ দাসে।

উল্লেখ যোগ্য যে, ছাত্ৰী-ছাত্ৰী সকলে কেৱল ক্ষমা বিচৰাৰ দাবীয়েই নহয়, পঞ্জীয়ক গৰাকীৰ পদত্যাগৰ দাবীও উত্থাপন কৰিছিল যদিও মানৱীয়তাৰ স্বাৰ্থত অপমানিত অধ্যাপিকা ডঃ বৰুৱাই ক্ষমা কৰি দিয়াত ক্ষান্ত হয় ।

উল্লেখনীয় বিষয় এই যে, অহা শুক্ৰবাৰে বিশ্ববিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিব অপমানিত অধ্যাপিকা ডঃ তিলোতমা বৰুৱাই।

Your Comments