বিশ্বব্ৰহ্মাণ্ডৰ নতুন তথ্য, দ্ৰুতগতিত বিৱৰ্তন হোৱা নতুন তাৰকা মণ্ডল, বিস্ময়কৰ তথ্য, সবিশেষ জানো আহক

galaxy

তাৰকামণ্ডলৰ বিৱর্তনৰ কথা জানিছিল বিজ্ঞানীসকলে। সেই বিষয়ত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাও চলি আছে তেওঁলোকৰ জগতত। তেওঁলোকে জনাইছিল, এই বিশ্বব্ৰহ্মাণ্ডৰ হাতীপটিত যি বিৱর্তন ঘটে তাৰ গতি অতি ধীৰ। কিন্তু সম্প্রতি জানিবলৈ পোৱা গৈছে, বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি সকলো তাৰকামণ্ডলৰ বিৱৰ্তনৰ গতি ধীৰ নহয়, বৰঞ্চ দ্ৰুতগতিত ইয়াৰ বিৱৰ্তন হয় ৷ সেই কথা জানি স্বাভাৱিকতেই আচৰিত হৈ গৈছে বিজ্ঞানীসকল।

Galaxy

নতুন এই তথ্য সন্মুখলৈ আহিছে ALESS 073.1 নামৰ এটা তাৰকামণ্ডলৰ সূত্রে। কার্ডিফ ইউনিভাৰ্চিটিৰ জ্যোতির্বিজ্ঞানী ড° ফেদেৰিকো লেলিৰ দাবি, ALESS 073.1-ৰ বয়স বহুত বেছি নহয়। তেওঁ জনাইছে, তাৰকামণ্ডলটো এতিয়াও পৰিৱর্তনশীল অৱস্থাতেই আছে। ই ক্রমশঃ নিৰ্মাণ হৈহে আছে।

তাৰকামণ্ডলৰ বিকাশ আৰু ইয়াৰ গতি সম্পর্কে ইমান দিনে যি ধাৰণা প্রচলিত আছিল, সেই সন্দৰ্ভত নতুন ধৰণেৰে চিন্তা-চৰ্চাৰ প্রয়োজন আহি পৰিছে। ALESS 073.1 নামৰ তাৰকামণ্ডলটোৰ নক্ষত্রমণ্ডলীৰ অৱস্থান আৰু নক্ষত্ৰমণ্ডল ঘুৰি থকা পথ, সর্পিলাকাৰ বাহু ইত্যাদিয়ে প্রমাণ কৰিছে তাৰকামণ্ডলটোৰ বিকাশ ঘটিছে যথেষ্ট দ্রুতগতিত। লেলিয়ে কৈছে, এই পর্যবেক্ষণে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত সুদূৰপ্রসাৰে প্রভাৱ পেলাব।

Galaxy

ব্রহ্মাণ্ড সৃষ্টিৰ প্রাথমিক পর্যায়ত যি মহাজাগতিক বিশৃঙ্খলতাৰ জন্ম হৈছিল, তাৰ পৰিপ্রেক্ষিতত মহাশূন্যত গেছ নিঃসৰণ হৈ থাকে, গেছ গোট মাৰে আৰু ক্রমশঃ নক্ষত্রমণ্ডলীৰ জন্ম হয়। ইয়াৰ পিছত বহু সময় লৈ পৰ্যায় ক্ৰমে তাৰকামণ্ডলৰ সৃষ্টি হয়। ALESS 073.1-ৰ নতুন তথ্যই কিন্তু সেই ধাৰণা সলনি কৰি দিলে।

Your Comments