কৰ’নাৰ গ্রাফ হঠাৎ আকৌ ঊর্ধ্বমুখী, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৫খন ৰাজ্যক সতর্ক থাকি কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভেক্চিন প্রক্রিয়া দ্রুত কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰই । দেশ জুৰি কৰ’না টিকাকৰণ আৰম্ভ হৈছিল ১৬ জানুৱাৰীৰপৰা । স্বাস্থ্যমন্ত্রালয়ৰ তথ্য অনুসৰি, ইয়াৰ ভিতৰত ৪২ শতাংশ প্রথম শাৰীৰ কৰ’না যোদ্ধাৰ টিকাকৰণ হৈ গৈছে। এতিয়ালৈকে মুঠ ১ কোটি ২০ লাখ জন লোকক টিকা দিয়া হৈছে। ইয়াৰ ভিতৰত ৬৪ লাখ ৭ হাজাৰ স্বাস্থ্যকর্মী আৰু ৪১ লাখ ১ হাজাৰ প্রথম শাৰীৰ কৰ’না যোদ্ধা।
মহাৰাষ্ট্র, মধ্য প্রদেশ, পঞ্জাৱ, জম্মু - কাশ্মীৰ আৰু ছত্তিছগড়ত টিকাকৰণ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্রই । এই পাঁচ ৰাজ্যৰ প্রথম শাৰীৰ যোদ্ধাসকলক দ্রুতভাৱে কৰ’না টিকা প্ৰদান কৰিব লাগিব।
আনহাতে, মহাৰাষ্ট্রৰ পুণে, নাগপুৰ, মুম্বাই, অমৰাৱতী, থাণে আৰু আকোলা জিলাত সংক্রমণ হাৰ যথেষ্ট পৰিমাণে বাঢ়িছে বুলি জনাইছে স্বাস্থ্যমন্ত্রালয়ৰ সচিব মনোহৰ অগ্নিয়ে।
ইয়াৰোপৰি, মধ্যপ্রদেশ চৰকাৰলৈ জাননী পঠোৱা হৈছে, ইন্দোৰ, ভূপাল আৰু বেতুল জিলাযত কৰ’নাৰ সংক্রমণৰ হাৰ বৃদ্ধি পাইছে।
স্বাস্থ্যমন্ত্রালয়ে উক্ত নিৰ্দেশনাত জনাইছে যে, যিমান বেছি সোনকালে সম্ভৱ কর্মচাৰী সকলক টিকাকৰণৰ আওতালৈ আনিব লাগিব আৰু সংশ্লিষ্ট অঞ্চলৰ স্বাস্থ্য বিষয়াসকলক নির্দেশ দিব লাগিব যিমান বেছি সংখ্যক সম্ভৱ স্বাস্থ্যকৰ্মী আৰু প্রথম শাৰীৰ কর্মীসকলৰ টিকাকৰণৰ কার্যসূচী শেষ কৰিব লাগিব।
- Log in to post comments
- 12 views