নতুন কৰ’না ষ্ট্ৰেইনৰ প্রকোপ অধিক ভয়ঙ্কৰ, এণ্টিবডিয়েও কাম নকৰিব এতিয়া, সবিশেষ জানো আহক

New corona strain

নতুন কৰ’না ষ্ট্ৰেইনৰ প্রকোপ অধিক ভয়ঙ্কৰ বুলি দাবী কৰিছে বিশেষজ্ঞসকলে। তেওঁলোকে স্পষ্ট ভাৱে জনাইছে শৰীৰত এণ্টিবডি থাকিলেও কোনো লাভ নহ’ব । মহাৰাষ্ট্রত এই নতুন ষ্ট্ৰেইন দেখা পোৱা গৈছে। অল ইণ্ডিয়া ইনষ্টিটিউট অফ্‌ মেডিকেল চায়েন্সচ্‌ (AIMS)-ৰ প্রধান ৰণদীপ গুলেৰিয়াই জনাইছে যে ভেক্‌চিনৰ আগমনৰ পিছত কৰ’না ভাইৰাছক নিয়ন্ত্ৰণলৈ আনিব পৰা যাব বুলি ভবাটো ভুল হ’ব ।

New corona strain

ক’ভিড -১৯ ভাইৰাছে যি নতুন আকৃতি লৈছে, সেই ভাইৰাছে শৰীৰত থিতাপি ল’লে বিপদ যে কিমান বেছি তাৰ পৰিমাপ কৰাও সম্ভৱ নহয়। কিন্তু বৰ্তমান এই নতুন ষ্ট্ৰেইনৰ সংক্রমণৰ হাৰ দ্রুতগতিত বৃদ্ধি পাইছে।

জানিবলৈ পোৱা গৈছে,যিসকল এবারমৰ কৰ’নাত আক্রান্ত হৈছে, তেওঁলোকৰ শৰীৰতো এই নতুন ষ্ট্ৰেইনে থিতাপি ল’ব পাৰে । মহাৰাষ্ট্ৰত এৰাতিৰ ভিতৰত যি হাৰত সংক্রমণৰ হাৰ বাঢ়িছে, তাৰ ভয়াবহতাক লৈ চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকল।

New corona strain

দেশত বৰ্তমানলৈকে ২৪০ জন লোকৰ শৰীৰত মাৰাত্মক ভাইৰাছটোৰ এই নতুন প্রজাতিৰ সংক্ৰমণ ধৰা পৰিছে। এই মুহূর্তত বিভিন্ন ৰাজ্যত দৈনিক সংক্রমণ পুনৰ ঊর্ধ্বমুখী হোৱাৰ অন্তৰালত এই নতুন ষ্ট্ৰেইনৰ প্ৰভাৱ আছে বুলি ধাৰণা কৰিছে মহাৰাষ্ট্র চৰকাৰৰ ক’ভিড টাস্ক ফ’ৰ্চৰ সদস্যসকলে।

যোৱা ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ১৪,২৬৪ জনলৈ। সুস্থ হৈ উঠিছে ১১,৬৬৭ জন। মৃত্যু হৈছে ৯০ জন লোকৰ। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰতই আক্রান্ত হৈছে ৬,২৮১ জন লোক। সুস্থ হৈ উঠিছে ৩৬৭৪ জন। মৃত্যু হৈছে ৪০ জনৰ। দেশত কৰ’না আক্রান্তৰ সংখ্যা মুঠ ১,০৯৯১৬৫১ জন হ’লগৈ। এই মুহূর্তত কৰ’না ভাইৰাছ সক্রিয় ৰূপত আছে ১,৪৫,৬৩৪ জন লোকৰ দেহত। সুস্থ হৈছে মুঠ ১,০৬,৮৯,৭১৫ জন। মৃত্যু হৈছে ১,৫৬,৩০২ জনৰ। 

Your Comments