বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মুকলি কৰা হ’ল অন্‌ক’ পেডিয়াট্ৰিক ৱাৰ্ড

Dr.B.Barooah cancer institute

নূমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পেডিয়াট্ৰিক অনক’লজি ৱাৰ্ড উদ্বোধন কৰে এনআৰএলৰ ব্যৱস্থাপনা সঞ্চালক এছ কে বৰুৱাই । সোমবাৰে উদ্বোধনী অনুষ্ঠানত বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ উদ্বোধনী ভাষণত বৰুৱাই কয় যে যোৱা বছৰ, এনআৰএলৰ সকলো চিএছআৰ পুঁজি ক’ভিড ১৯ৰ সকাহৰ বাবে দিয়ে আৰু সেইদৰে অহা সময়চোৱাত  বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক অধিক সহযোগিতা আগবঢ়াব উন্নয়নৰ ক্ষেত্ৰত । তদুপৰি তেওঁ শিশু কৰ্কট ৰোগী সকলৰ দ্ৰুত আৰোগ্য কামনা কৰি বক্তব্য আগবঢ়াই ৷ 

Onco pediatric ward

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ড০ অমল চন্দ্ৰ কটকীয়ে জানিবলৈ দিয়ে যে – ৱৰ্ল্ড হেল্থ অৰগেনাইজেছন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ শিশুৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত দক্ষিণ-পূব এছিয়া আঞ্চলিক অনুশীলন নেটৱৰ্কৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক বাচনি কৰিছে । এই প্ৰতিষ্ঠানটো বৰ্তমান দেশৰ চাৰিটা কেন্দ্ৰৰ ভিতৰত এটা হিচাপে বিবেচিত হৈছে । কটকীয়ে জনোৱা অনুসৰি, এই প্ৰতিষ্ঠানটো অনক’লজিৰ চুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম প্ৰদান কৰা দেশৰ পাঁচটা কেন্দ্ৰৰ ভিতৰত অন্যতম ৷ তেওঁ জনাইছে যে অন্‌ক’ল’জি নাৰ্চিঙৰ প’ষ্ট বেছিক ডিপ্ল’মা আৰু মাষ্টাৰ ডিগ্ৰীৰ পাঠ্যক্ৰম মাৰ্চ মাহৰপৰা আৰম্ভ কৰা হ’ব অনুষ্ঠানটোত ৷

Your Comments