বঙাইগাঁৱত 'ৰাইজৰ চ'ৰা'ৰ চতুৰ্থখন বৈঠক  সম্পন্ন 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা প্ৰশাসনে ৰাইজৰ অভিযোগসমূহ থিতাতে নিষ্পত্তি কৰাৰ বাবে আৰম্ভ কৰা 'ৰাইজৰ চ'ৰাৰ চতুৰ্থখন বৈঠক মঙলবাৰে অনুষ্ঠিত হৈ যায় ৷ সেই অনুসৰি পুৱা  ১০.৩০ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত 'ৰাইজৰ চ'ৰা'ৰ চতুৰ্থখন বৈঠকৰ পূৰ্বে পুৱা  ৯.৩০ বজাৰ পৰা  ১০.৩০ বজালৈ কাৰ্যালয়টোত স্থাপন কৰা  ৰাইজৰ অভাৱ-অভিযোগ কোষটোৱে মুঠ ১৩ খন ৰাইজৰ অভিযোগ পত্র গ্ৰহণ কৰি পঞ্জীয়নভুক্ত কৰে আৰু পিছত সেইবোৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাইজৰ চ'ৰাৰ বৈঠকত উপস্থাপন কৰে । উক্ত অভিযোগকাৰীৰ অভিযোগসমূহৰ বিষয় আছিল ৰাইজৰ সুবিধাৰ্থে তথা  সম্ভাব্যময় দুৰ্ঘটনাৰ আশংকা কৰি ৰে'ল লাইনৰ ওপৰত দলং বিচাৰি অভিযোগ , মাটিৰ আৱন্টন , বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত নলা মেৰামতি , ঘৰৰ ওচৰ-চুবুৰীয়াৰ কাষত বনোৱা শৌচাগাৰ আৰু গৰুৰ গোহালি স্থানান্তৰ , বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ ভৱিষ্যৎ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয় প্ৰাংগণত ধূমপান সেৱন বৰ্জন কৰা আৰু প্ৰধান মন্ত্রী আৱাস যোজনাৰ গৃহ নিৰ্মাণ আদি । উল্লেখযোগ্য যে উপায়ুক্ত আদিল খানে প্ৰতিগৰাকী অভিযোগকাৰীৰ অভিযোগসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰত্যেককে মাতি অভিযোগৰ বিষয়ৰ ওপৰত আলোচনা কৰি তেওঁলোকৰ উপস্থিতিতে সংশ্লিষ্ট বিভাগক তৎকালীন ব্যৱস্থা লোৱাৰ বাবে নিদেৰ্শ দিয়ে আৰু একাংশ অভিযোগ সোনকালে নিষ্পত্তি কৰাৰ বাবে বিষয়সমূহৰ ওপৰত অনুসন্ধান কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াক নিদেৰ্শ দি সকলো অভিযোগ ভগাই দিয়ে । মন কৰিবলগীয়া যে বঙাইগাঁও জিলা প্ৰশাসনে সুশাসন ব্যৱস্থাপনাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাইজৰ অভিযোগসমূহ থিতাতে নিষ্পত্তি কৰিব পৰাকৈ 'ৰাইজৰ চ'ৰা'ক এক প্লেটৰ্ফম হিচাপেলৈ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে আৰু এই ব্যৱস্থাৰ জৰিয়তে কেৱল ৰাইজৰ ব্যক্তিগত সমস্যাসমূহহে সমাধান কৰা হয় ৷ কোনো ৰাজহুৱা বা চৰকাৰী আচঁনিৰ সমস্যা নহয় । এই বৈঠকত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস , অনুপম ডেকা , অৰূপ কুমাৰ শৰ্মা , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ , ৰাজহ চক্ৰ বিষয়াসকল,সহকাৰী আয়ুক্তসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত  থাকে ।

 

Your Comments