মাৰাত্মক এন্থ্ৰাক্স ৰোগৰ কবলত পবিতৰা অভয়াৰণ্য : ২২অক্টোবৰত মুকলি নহয় অভয়াৰণ্য

pobitara

মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন :

দৰ্শনাৰ্থীৰ বাবে ২২ অক্টোবৰত মুকলি হ'ব লগা  পবিতৰা অভয়াৰণ্য মুকলি নহয়। এই কথা প্ৰকাশ কৰিছে পবিতৰা অভয়াৰণ্যৰ বনানঞ্চলিক বিষয়া মুকুল তামুলীয়ে। বনানঞ্চলিক বিষয়া তামুলীয়েও জানিবলৈ দিয়া মতে  এন্থ্ৰাক্স ৰোগে অভয়াৰণ্যখনত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ বাবেই তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হৈছে পবিতৰা ৷
 বিশেষকৈ আপুৰুগীয়া বনৰীয়া মহৰ গাত দেখা দিয়া এই ৰোগে কেইবাটাও মহৰ ইতিমধ্যে মৃত্যু ঘটোৱাৰ লগতে আক্ৰান্ত হৈছে আন বহু কেইটা মহ ৷ ভয়াবহভাৱে ভাবুকি আহিছে আপুৰুগীয়া এশিঙিয়া গড়ৰ লগতে অন্য বন্য জীৱলৈকো ৷ লগতে মানুহৰ বাবেও এই এন্থ্ৰাক্স বীজাণু অতিশয় মাৰাত্মক হোৱাৰ বাবে ২২ অক্টোবৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব লগা পবিতৰা অভয়াৰণ্যৰ মুকলি অনুষ্ঠান তাৎক্ষণিকভাৱে বন্ধ ৰখা হৈছে ৷ অভয়াৰণ্যখনৰ অন্য জীৱকুলৰ লগতে কাষৰীয়া গাঁও সমুহলৈ যাতে এন্থ্ৰাক্স ৰোগৰ বীজাণু বিয়পিব নোৱাৰে তাৰবাবে আজি  বনবিভাগৰ উচ্চ পদস্থ বিষয়াৰ এটা দলৰ লগতে চিকিৎসকৰ দলে পবিতৰাত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰাৰ লগতে প্ৰতিষেধক দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰে৷

Your Comments