গুৱাহাটীত নকল বস্ত্ৰ সহ এজন ব্যৱসায়ী আটক : ফাচীবজাৰ থানাত শুৱালকুছি আছুৰ এজাহাৰ দাখিল 

suwalkuchi

শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্রতিবেদন :

 ৰাজ্যৰ ৰাজধানী গুৱাহাটীত এতিয়া শুৱালকুছিৰ তাঁতত বোৱা কাপোৰ বুলি একাংশ বহিৰাগত ধুৰন্ধৰ ব্যৱসায়ীয়ে বিক্ৰী কৰি আহিছে বাৰানসীৰ পৰা আমদানীকৃত একে চানেকীৰ নকল কাপোৰ । যি বিলাক  শুৱালকুছিত তৈয়াৰী বস্ত্ৰ বুলি একাংশ অসাধু  ব্যৱসায়ীয়ে  গ্ৰাহকক প্ৰৱঞ্চনা কৰি আহিছে ।কিছুদিন পূৰ্বে একাংশ অসাধু প্ৰকৃতিৰ ব্যৱসায়ীয়ে শুৱালকুছিৰ তাঁত শিল্পক ভাতে  মৰাৰ লগতে নকল বাৰনাসীৰ বস্ত্ৰ গ্ৰাহকৰ হাতত প্ৰৱঞ্চনাৰে তুলি দিয়াৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । থলুৱা শিপিনীক মাধমাৰ দি এইদৰে প্ৰৱঞ্চনাৰ জাল মেলা মহেশ কুমাৰ পোদ্দাৰ নামৰ নগাঁওৰ এগৰাকী ব্যৱসায়ীক শনিবাৰে বৃহৎ পৰিমাণৰ বেনাৰসী বস্ত্ৰসহ সোধ -পোছৰ বাবে আটক কৰি ফাঁচী বজাৰ আৰক্ষী চকীলৈ আনে। মুঠ ৩০ যোৰা বস্ত্ৰ সহ আটক কৰা ব্যৱসায়ীজনে দীৰ্ঘ দিন ধৰি এই ব্যৱসায় গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত চলাই  আহিছে বুলি তেও সংবাদিক সকলক জানিব দিয়ে ।

উল্লেখ্য যে থলুৱা বস্ত্ৰৰ আৰ্হিত কোনোৱে যন্ত্ৰচালিত শালত কোনো বস্ত্ৰ উৎপাদন কৰি বিক্ৰী কৰিব নোৱাৰাৰ বিধান আছে। এই সকল অসাধু প্ৰকৃতিৰ ব্যৱসায়ীৰ বাবেই অসমৰ স্বভিমান জড়িত থকা শুৱালকুছিৰ শিল্পটো লাহে লাহে ধ্বংসৰ গৰহালৈ গতি কৰিছে । শুৱালকুছিত প্ৰকৃত শিপিনৰ তাত-শাল বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।হঁস্ত তাত বিভাগৰ অনুসন্ধানৰ লগতে আৰক্ষীৰ সঠিক তদন্তত ওলাই পৰিব শুৱালকুছিৰ আৰ্হিত কোন কোন  অসাধু ব্যৱসায়ীয়ে শুৱালকুছিত তৈয়াৰী বুলি বহি:ৰাজ্যৰ পৰা আমদানি কৰা নকল বস্ত্ৰ বিক্ৰী কৰি অসমৰ ঐতিহ্য আৰু স্বভিমান জড়িত থকা শুৱালকুছিৰ শিল্পটোক টিল-টিলকৈ ধ্বংসৰ দিশেলৈ ঠেলি দিছে  ।ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মাই ফাচীবজাৰ থানাত অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে এখন এজাহাৰ  দাখিল কৰে ৷

আনহাতে ,শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছিৰ আৰ্হিৰ  বহিৰাজ্যৰ পৰা নকল কাপোৰ মুজত  কৰা আৰু প্ৰৱঞ্চনাৰে বিক্ৰী কৰা ব্যৱসায়ী সকলক কঠোৰ শাস্তিৰ দাবীত কামৰূপ জিলাৰ উপয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে ৷স্মাৰকপত্ৰ প্ৰদানত উপস্থিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা ,সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা , শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকুমণি দাস সাধাৰণ সম্পাদক চিৰঞ্জীৱ দাস , শুৱালকুছি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সৌৰভ দাস আদি ৷

Your Comments