বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :
অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ দ্বাৰা ৰূপায়িত আৰু ল'টাছ প্ৰ'গ্ৰেছিভ চেণ্টাৰৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,বৰভাগ ব্লকৰ উদ্যোগত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এখন বিজ্ঞান ভিত্তিক মডেল সজোৱা,আকষ্মিক বক্তৃতা আৰু পোষ্টাৰ অংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।উক্ত প্ৰতিযোগিতাসমূহৰ পূৰ্বে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক অচ্যুত চন্দ্ৰ বৈশ্যই পৰিচালনা কৰা উদ্বোধনী আৰু আদৰণী অনুষ্ঠানটি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সভাপতি তথা নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যায়ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দীনমণি ভাগৱতীয়ে উদ্বোধন কৰে।ভাষণত তেখেতে ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান মনস্কতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াতো প্ৰয়োজন বুলি দোহাৰে।
উদ্বোধনী অনুষ্ঠানটোত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলা সমন্বয়ক প্ৰদীপ মহন্তই ভাষণত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিষদ ভাবে বক্তব্য আগবঢ়াই।প্ৰতিযোগিতাখনত মুঠ ২১ খন শিক্ষানুষ্ঠানৰ পৰা ২৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।অনুষ্ঠানটোত বিজ্ঞান ভিত্তিক মডেল সজোৱা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শ্ৰী অনলজিৎ কাশ্যপে,দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন,মৰোৱাৰ শ্ৰী মানসপ্ৰতিম বৈশ্যই আৰু তৃতীয় স্থান লাভ কৰে সুগ্নভা মহন্ত আৰু শংকৰদেৱ শিশু নিকেতনৰ শ্ৰী নম্ৰতা কলিতাই।পোষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যানিকেতন,মৰোৱাৰ শ্ৰী কৃষ্টিৰেখা কাশ্যপ,দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন মৰোৱাৰ শ্ৰী গাৰ্গী বৈশ্য,তৃতীয় স্থান লাভ কৰে গংগাপুখুৰী বৰকুৰিহা উচ্চমাধ্যমিক বিদ্যালয়ৰ ভাস্কৰ তালুকদাৰে।
আনহাতে আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন,মৰোৱাৰ শুভ্ৰজ্যোতি কাশ্যপ,দ্বিতীয় স্থান লাভ কৰে আনন্দ ৰাম বৰুৱা উচ্চমাধ্যমিক বিদ্যালয়,মৰোৱাৰ অবিনাশ বেজবৰুৱাই,তৃতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন,মৰোৱাৰ শ্ৰী বন্দিতা দাসে।আবেলী ৩ বজাত বটা বিতৰণী সভা অনুষ্ঠিত কৰি বঁটা সমূহ বিতৰণ কৰা হয়।
বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন
- Log in to post comments
- 121 views