হেমন্ত কলিতা,নলবাৰী :
নলবাৰী জিলাৰ ৭ নং পূৱ- বাঁহজানীৰ বালা- মুগকুছি গাঁওৰ গৰখীয়া থানৰ সভাগৃহৰ আধাৰশিলা শনিবাৰে স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক শৰ্মাই ৷বিধায়ক গৰাকীয়ে আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত কয় যে চৰকাৰী গৃহ নিৰ্মাণৰ দিশত যাতে কোনো খেলি মেলি বা অনিয়ম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পঞ্চায়ত সভানেত্ৰী, সচিব, কনিষ্ঠ অভিযন্তাৰ লগতে অঞ্চলটোৰ ৰাইজক সজাগ হৈ থকাৰ আহ্বান জনায়। লগতে নিৰ্মান সমিতিকো কামবোৰ ভালদৰে তদাৰক কৰিবলৈ আহ্বান জনায় ৷ তেওঁ লগতে কয় যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এটি চৰকাৰী ঘৰ পাবলৈ দহ – পোন্ধৰ হাজাৰ টকা ঘোচ দিব লাগিছিল যদিও বিজেপি চৰকাৰ অহাৰ পিছত সেয়া মুধা মৰিল বুলি দোহাৰি তেওঁ পুনৰ কয় যে এয়াই কংগ্ৰেছ -বিজেপিৰ পাৰ্থক্য। উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, ৭নং পূব বাঁহজানি গাঁও পঞ্চায়ত সভানেত্ৰী নামিতা দাস , নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা , পূৱ নলবাৰীৰ খণ্ড উন্নয়ন বিষয়া মনোজ বৰ্মন ,পূৱ- বাঁহজানী আঞ্চলিক পঞ্চায়তৰ সদস্য বঙ্কিম শৰ্মাৰ লগতে স্থানীয় বিজেপি নেতা অঞ্জন তালুকদাৰ ,পৰাগ চক্ৰৱৰ্তী,বিজয় তামুলী,অৰূপ কলিতা প্ৰমুখ্যে ভালেসংখ্যক দলীয় কৰ্মী ।
- Log in to post comments
- 7 views