বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
ভৱানীপুৰ থানাৰ অন্তৰ্গত বাংলীপাৰাত পুনৰ সংঘটিত হয় এটা লাভ জেহাদৰ ঘটনা। বুধবাৰে দিনদুপৰতে বাংলীপাৰাস্থিত এঘৰ লোকৰ ঘৰৰ পৰা চান মিঞা নামৰ এজন যুৱকে দীক্ষিতা ডেকা নামৰ এগৰাকী ১৬ বছৰীয়া হিন্দু যুৱতীক ঘৰৰ বেৰ কাটি পলুৱাই লৈ যায় । জানিব পৰা মতে ইয়াৰ পূৰ্বেও যোৱা ১১ অক্টোৱৰ তাৰিখে বাওটা গাঁওৰ চান মিঞা নামৰ যুৱক জনে ছোৱালী জনীক পলুৱাই লৈ গৈছিল যদিও সৰুপেটা আৰক্ষীৰ অভিযানত কিছু সময়ৰ পিছতেই উদ্ধাৰ উদ্ধাৰ হৈছিল যুৱতী গৰাকীক । যোৱাকালি পুনৰ দিনৰ ১.৩০ মান বজাত ঘৰৰ বেৰ কাটি পুণৰ পলুৱাই লৈ যায় যুৱতীগৰাকীক । যুৱতীগৰাকীৰ দেউতাকৰ ভাষ্য অনুসৰি চান মিঞা নামৰ যুৱক জনে দেউতাকক যুৱতীগৰাকীক নিদিলে প্ৰাণে মৰাৰো ভাবুকি দিছিল । ইতিমধ্যে পৰিয়ালৰ লোকে ভৱানীপুৰ অাৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও যুৱক-যুৱতী হালৰ কোনো সুংসূত্ৰ লাভ কৰিব পৰা নাই ।
- Log in to post comments
- 10 views