বটদ্ৰবাৰ পৰা নিপন নাথৰ প্রতিবেদন :
বটদ্রৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ৰাইডঙ্গীয়া আঞ্চলিক ছাত্র সন্থাৰ সহযোগত ৰাইডঙ্গীয়া পাঁচআলিৰ ৰাজহুৱা মঞ্চত দিনজোৰা কাৰ্য্যসূচীৰে শুকুৰবাৰে কাতি বিহু উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰা হয়।তাৰ পিছতেই জ্যেষ্ঠ সকলক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাইডঙ্গীয়াৰ পথাৰত গাৱঁৰ ৰাইজে ৰৱাব টেঙা খাই বিহু নাছি আনন্দ উল্লাস কৰে। এই কাতি বিহু গ্ৰাম্য জীৱনৰ চহা খেতিয়কৰ লগত আছে এক নিৱিড় সম্পর্ক ।
কাৰণ আশাৰ শাওন মাহত পথাৰত ৰোৱা ভূই এই সময় চোৱাত গেৰ লয়। গেৰ লোৱা সেউজী পথাৰৰ সোন গুটি ডৰা পোক-পৰুৱা অথবা কীট-পতংগ আদিয়ে নষ্ট কৰিব নোৱাৰে তাৰ বাবে জনবিশ্বাস অনুসৰি কাতি বিহুৰ দিনা পথাৰত ৰৱাব টেঙাৰ বাকলি ছটিয়াই দিয়াৰ লগতে সন্ধ্যা পথাৰত আকাশ বন্তি জ্বলায় লখিমীক আদৰাৰ বাবে প্ৰস্তুতি চলায় ।
- Log in to post comments
- 13 views