অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিস্থলীৰ সন্মুখত আজি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
ধৰ্মঘট সম্পৰ্কত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতাই কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ জন্মলগ্নৰ পৰাই অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিকৰ লগতে সাংবিধানিক সুৰক্ষাৰ বাবে অসমত পূৰ্ণ স্বায়ত্ত শাসন, দ্বি-নাগৰিকত্ব আৰু পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাৱীত সংগ্ৰাম চলাই আহিছো ।
আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰিলে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষিত নহয় বুলিও তেখেতে কয় । আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমানে কয় যে মিজোৰাম, নাগালেণ্ড, অৰুণাচল তিনিখন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বলৱৎ থকাৰ ফলত সেই ৰাজ্যৰ জনগণ সুৰক্ষিত হৈ আছে ।
অচিৰেই অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা বলৱৎ কৰি থলুৱা খিলঞ্জীয়া জনগণৰ ভৱিষ্যৎ সুৰক্ষা কৰাৰ বাবে দাবী জনায় । আজিৰ কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভৱেশ ডেকাসহ ভালেসংখ্যক নেতা-কৰ্মী ।
- Log in to post comments
- 26 views