ব্ৰাহ্মণ মহাসভাৰ ন্যাস গঠনৰ পৰিকল্পনা

ব্ৰাহ্মণ মহাসভা, অসমে অৰ্থনৈতিকভাৱে দুৰ্বল আৰু মেধাবী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ মানসেৰে বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতামূলক আৰু বৃত্তিমূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ সক্ষম কৰি তোলাৰ মানসেৰে এক আৰ্থ-সামাজিক ন্যাস গঠনৰ পৰিকল্পনা কৰিছে ৷

ব্ৰাহ্মণ মহাসভাৰ পৰিসৰৰ সকলো শুভাকাংক্ষী, বিজ্ঞ-বিদ্বান, অধ্যাপক-শিক্ষক, সাহিত্যিক, আইনী-বুদ্ধিজীৱী, বিভিন্ন পদবীৰ বিষয়ববীয়া, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ পৰা দিহা-পৰামৰ্শ আহ্বান কৰা হৈছে ৷

সংশ্লিষ্ট সকলোপক্ষই এই মহান অনুষ্ঠানটিৰ গঠন প্ৰণালী তথা কাৰ্য পৰিচালনাৰ ব্যৱহাৰিক দিশ সম্পৰ্কে নিজৰ দিহা-পৰামৰ্শসমূহ অহা ৩১ আগষ্টৰ ভিতৰত প্ৰদীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক, ব্ৰাহ্মণ মহাসভা, অসম, মাৰফৎ- শিৱনাথ শৰ্মা, ৰংপুৰ পথ,

ঘৰ নং ৯৩(বি), ৰাধাগোবিন্দ বৰুৱা পথ, ডাক- দিছপুৰ, গুৱাহাটী-৭৮১০০৫ ঠিকনাত পঠিয়াব পাৰে ৷ ই-মেইল হ'ল sarmahpradip56@gmail.com বা tirtha240360@gmail.com ৷

সবিশেষ জানিবৰ বাবে ৯৪৩৫২-৭৯৮৭৯, ৮৪৭২৯-২৪১২৫ আৰু ৯৯৫৭১-০৩৬৭ নম্বৰত যোগাযোগ কৰিব পাৰে ৷

Your Comments