অসম-অৰুণাচল সীমাত আছুৰ টহল 

অসম-অৰুণাচল সীমাত আছুৰ টহল 


অসম-অৰুণাচলৰ সীমান্ত ৰাজগড়ত গহপুৰ আছুৰ টহল ৷ সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) অসমত যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যখনত অসমৰ পৰা বহু অবৈধ বাংলাদেশী লোকে প্ৰৱেশ কৰিব বুলি আশংকা কৰিছিল ।

অসম-অৰুণাচল সীমাত আছুৰ টহল 

সমগ্ৰ অৰুণাচলতে কোনো যাৱতীয় অনুমতি আৰু পাৰপত্ৰ নোহোৱাকৈ অবৈধভাৱে বসবাস কৰি থকা লোকসকলক চিনাক্তকৰণৰ বাবে শুকুৰবাৰৰ পৰা ‘ক্লিন অৰুণাচল’ নামেৰে এক অভিযান আৰম্ভ কৰিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ।

ইয়াৰ পৰিপ্ৰেক্ষিতত অৰুণাচলৰ পৰা অসমৰ প্ৰৱেশ পথত গহপুৰ মহকুমা আছুৱে তহলৰ ব্যৱস্থা কৰিছে । 
অৰুণাচলৰ পৰা পলায়ন কৰা সন্দেহযুক্ত নাগৰিক গহপুৰৰ ৰাজগড় হৈ অসমত প্ৰৱেশ কৰাৰ সন্দেহত গহপুৰ আছুৱে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

Your Comments