তিনি বছৰৰ মুৰত ৰাজস্থানৰ পৰা উদ্ধাৰ লংকা কাকীৰ এগৰাকী মহিলাক :আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

langa

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

দূৰ্গা পূজাৰ ওখল-মাখলৰ মাজতেই কাকী  আৰক্ষীয়ে আটক কৰিছে দুই নাৰী সৰবৰাহকাৰী মহিলাক।নগাঁও জিলাৰ কামপুৰৰ পৰা অনুৰাধা পাটৰ আৰু হোজাই জিলাৰ কাকী জৰাবাৰীৰ পৰা আইমনি দেউৰী নামৰ এই দুই নাৰী সৰবৰাহকাৰীয়ে  ৰংপিপী উপাধিৰ এগৰাকী মহিলাক  ৰাজস্থানত বিক্ৰী কৰাৰ অভিযোগত দুয়োগৰাকীকে আটক কৰে কাকী আৰক্ষীয়ে।তিনি বছৰ পূৰ্বে সুদুৰ ৰাজস্থানলৈ নি বিক্ৰী কৰা লংকাৰ কাকী জৰাবাৰীৰ ৰংপিপী উপাধিৰ নামৰ মহিলা গৰাকীক কাকী আৰক্ষীয়ে ৰাজস্থানৰ ঝুনঝুনা জিলাৰ নদালগড় আৰক্ষী চকীৰ খীড়মিঠা গাঁওৰ পৰা যোৱা ২৬ নবেম্বৰত উদ্ধাৰ কৰাৰ পাছতেই উক্ত ঘটনাৰ লগত জড়িত থকা দুই নাৰী সৰবৰাহকাৰীক কাকী আৰক্ষীয়ে মংগলবাৰে আটক কৰিবলৈ সক্ষম হয়। কাকী আৰক্ষী থানাত ৰুজু হোৱা ৩৯/১৯ নং গোচৰটোত আটকাধীন দুই সৰবৰাহকাৰী মহিলাক হোজাইৰ আদালতে ভাৰতীয় দণ্ডবিধিৰ 366/370 ধাৰাৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে।

Your Comments