চৰাইদেউৰ পৰা ঘন বৰাৰ প্রতিবেদন :
অহা ২১ অক্টোবৰ তাৰিখে অনুস্থিত হ’বলগীয়া অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপ – নিৰ্বাচনৰ বাবে প’লিং আৰু প্ৰিজাইদিং বিষয়াসকলক বৃহস্পতিবাৰৰ পৰা স্থানীয় সোণাৰি মহাবিদ্যালয়ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।এই উপলক্ষে সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নিৰ্বাচনী পৰ্যবেক্ষক ব্ৰুন্দাবন বেহেৰা, জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈ, অতিৰিক্ত উপায়ুক্তদ্বয় দীপক কুমাৰ ভূঞা আৰু জিতু কুমাৰ দাস, সাপেখাতীৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল কুমাৰ দাস, জনসংযোগ বিষয়া জয়ন্ত মাউট, মাষ্টাৰ ট্ৰেইনাৰ কৰুণা বড়া, দিপাংকৰ চক্ৰৱৰ্তী, সাপেখাতী ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) চ’ভীয়া পেগু আদিকে ধৰি অন্যান্য বিষয়া সকলৰ উপস্থিতিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।
এই নিৰ্বাচনী প্ৰশিক্ষণত সোণাৰি মহাবিদ্যালয়ত প’লিং আৰু প্ৰিজাইদিং বিষয়াসকলে কেইবাটাও দলত বিভক্ত হৈ ই. ভি. এম. , ভি. ভি. পি. এ. টি. , ক’ণ্ট্ৰ্ল ইউনিটৰ লগতে সমগ্ৰ নিৰ্বাচনী কাৰ্যসূচী সূচাৰুৰূপে সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা অন্যান্য যাৱতীয় বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰে।
- Log in to post comments
- 6 views