মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

marigaon

মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :

মৰিগাওঁ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰে মৰিগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত এখনি সজাগতা মূলক সভা অনুষ্ঠিত  হয়। মৰিগাওঁ জিলাৰ সংবাদ মাধ্যমকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু জ্যেষ্ঠ নাগৰিকে অংশ গ্ৰহণ কৰা সভাখনতে মানসিক ৰোগত আক্ৰান্ত হৈ মানুহে কিদৰে আত্মহত্যা পথ পৰ্য্যন্ত বাচি লবলগীয়াত  পৰে  তাৰ ওপৰত আধাৰিত আৰু দিনবন্ধু নাথে পৰিচালনা কৰা ৪০ মিনিট দৈৰ্ঘ্য তথ্য চিত্ৰ এখনি উন্মোচন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই। মৰিগাঁও মানসিক স্বাস্থ্য বিভাগৰ বিষয়া নিমিষা বৰাই আতঁ ধৰা অনুষ্ঠানটোত উন্মোচনী ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় -মানসিক ৰোগ হৈছে অন্যান্য শাৰীৰিক ৰোগৰ দৰে এক প্ৰকাৰৰ ৰোগ। কোনো এটা বেমাৰ কেতিয়াও সমাজৰ কলংক হ'ব নোৱাৰে।মানসিক ৰোগ সম্পৰ্কত উপায়ুক্ত গৰাকীয়ে সকলোকে সজাগ থাকিবলৈ আহ্বান জনায়।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিণী বৰকটকী,অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ এম ৰহমান,মানসিক চিকিৎসা বিষয়া ডা০ জয়ন্ত দত্ত,মৰিগাওঁ জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামীকে প্ৰমুখ্য কৰি জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰা সভাখনত মানসিক স্বাস্থ্য বিভাগৰ বিষয়া নিমিষা বৰাই কয় এই বছৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ মূল বিষয় বস্ত হৈছে আমি সকলোৱে মিলি আত্মহত্যাৰ প্ৰৱনতা প্ৰতিৰোধ কৰা। সেয়ে এই ৰোগৰ ক্ষেত্রত লাজ কৰা কোনো কাৰণ নাই। উপযুক্ত সময়ত যদি ৰোগীজনক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰাৰ লগতে ৰাইজ তথা পৰিয়ালৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন দিয়া হয় তেন্তে  ব্যক্তিজনে অতি সোনকালে আৰোগ্য হৈ স্বাভাবিক যাত্ৰা ঘূৰাই আনিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য যে ইয়াৰ পিছতেই জিলাখনৰ ভূৰবন্ধা,লাহৰীঘাট আদি বিভিন্ন ঠাইত সজাগতা সভা আৰু তথ্য চিত্ৰ প্ৰদৰ্শন কৰে মৰিগাঁও জিলা মানসিক স্বাস্থ্য বিভাগে।

Your Comments