নলবাৰীৰ পৰা হেমন্ত কলিতা:
সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ জাৱজাৱকুছি কৃষ্ণজ্যোতি প্ৰাথমিক শাখায়ো যোৱা মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰে। সেইদিনা পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ কৰে ৰিংকু সমাদ্দাৰ,নিৰঞ্জন হালৈ, ধ্ৰুৱ দাসে।পুৱা ৮ বজাত নাম-প্ৰসঙ্গ পৰিচালনা কৰে সভাপতি শ্রীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম বনভাগ আঞ্চলিক শাখাৰ সভাপতি পৰেশ কলিতাই।পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ৰামচৰণ ঠাকুৰীয়া(কৃষ্ণজ্যোতি প্ৰাথমিক শাখাৰ সভাপতি)ই।পুৱা ১০ বজাত ভাগৱতভাগি নৌকাত স্থাপন কৰে সঞ্জয় কলিতা(একনিষ্ঠ সংগী আৰু ভকত,কৃষ্ণজ্যোতি প্ৰাথমিক শাখা)ই।ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে বাপুকণ ডেকা, (সমাজকৰ্মী,উজ্জ্বল নগৰ,কাহিলীপাৰা,গুৱাহাটী)ই।পৰিচালনা কৰে ধনচিত ৰাজবংশী(উপসভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম বনভাগ আঞ্চলিক শাখা),অচ্যুত কলিতা,যতীন কলিতাই।ভাগৱত শোভাযাত্ৰাই গোটেই গাঁওখন পৰিভ্ৰমণ কৰে।আবেলি ২ বজাত মহাপ্ৰসাদ বিতৰণ কৰে নৰেন ৰাজবংশী,দয়াল মেধি,ৰমেশ কলিতা,মনোহৰি মেধি,পৱিত্ৰ কলিতাই। আবেলি ৪ বজাত ভাগৱত পাঠ কৰে পৰশু ৰাজবংশী(প্ৰাক্তন উপসভাপতি,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখা)য়ে।সন্ধিয়া ৬ বজাত আমন্ত্ৰিত পাঠকৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন আৰু স্থানীয় কৃতী ছাত্র-ছাত্রীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।নাগাৰা নাম উদ্বোধন কৰে নাৰায়ণ কুমাৰে(আঞ্চলিক পঞ্চায়ত সদস্য, ২নং বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়ত)। নাম পৰিৱেশন কৰে দ্বীপেন কলিতা(বাৰাংহাতী,কামৰূপ)।
স্থানীয় কৃতী ছাত্ৰ-ছাত্রীৰ সম্বৰ্ন্ধনা অনুষ্ঠানত মহেশ্বৰ বৰ্মণ, (অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক), ৰিয়াজউদ্দিন আহমেদ(শিক্ষা সম্পাদক, সদৌ নলবাৰী জিলা ছাত্র সন্থা), আজিজুল ইছলাম(সভাপতি,বৰাজোল আঞ্চলিক ছাত্র সন্থা),ৰঞ্জিত শৰ্মা (সভাপতি,পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থা তথা কাৰ্য্যনিৰ্বাহক সদস্য সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা),কংকন কলিতা (ক্ৰীড়া সম্পাদক,সদৌ নলবাৰী জিলা ছাত্র সন্থা),সৰ্বেশ্বৰ কলিতা(সভাপতি, জাৱজাৱকুছি বুথ কমিটি,বিজেপি), মোহন মজুমদাৰ(কৰ সংগ্ৰহক),বিনোদ চন্দ্ৰ কলিতা(অৱসৰপ্ৰাপ্ত শিক্ষক) উপস্থিত থাকে।
- Log in to post comments
- 37 views