বিজয়া দশমীত নলবাৰী জিলা প্ৰশাসনে  ঘোষণা কৰিলে 'ড্ৰাই ডে'

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমী উপলক্ষে মঙ্গলবাৰে নলবাৰী জিলা প্ৰশাসনে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নলবাৰী চহৰৰ ওচৰৰ পাগলাদিয়া ঘাটত বিজয়া দশমীৰ দিনা দেৱী দুৰ্গাৰ প্ৰতিমাৰ বিসৰ্জনৰ বাবে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা এই ব্যৱস্থা গ্ৰহণ  কৰিছে ৷জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীৰ নিৰ্দেশমৰ্মে সোমবাৰে পাগলাদিয়া ঘাটত upঅতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ, গুণজিৎ ৰয় চৌধুৰী, নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী ডেকা, চক্ৰ বিষয়া (সংলগ্ন) ঋতুপৰ্ণা ভদ্ৰ, চিকিৎসা বিষয়া ডাঃ নলিনী বৰ্মন সমন্বিতে জিলা প্ৰশাসনৰ বিষয়াসকল পাগলাদিয়া ঘাটত উপস্থিত হৈ দেৱী বিসৰ্জন সুকলমে পৰিচালনা কৰাৰ বাবে এখন সভা অনুষ্ঠিত কৰে।ইফালে,ঘাটটোলৈ দেৱী প্ৰতিমা বিসৰ্জনৰ সময়ত গাড়ীসমূহ যোৱা বাট এক্সেভেটৰেৰে ঠিক-থাক কৰা হৈছে।অগ্নিনিৰ্বাপক আৰু আপদকালীন বিভাগে এখন ৰবৰ বোটৰ ব্যৱস্থা কৰিছে। পৰ্যাপ্ত পোহৰৰ ব্যৱস্থাও কৰা হৈছে।নলবাৰী জিলাৰ চামতা, বেলশৰ, সাহপুৰ, টিহু আদি অঞ্চলৰ দেৱী বিসৰ্জনৰ ব্যৱস্থা সংশ্লিষ্ট চক্ৰ বিষয়াসকলে কৰিছে ৷আনহাতে,বিজয়া দশমী আৰু মহাপুৰুষ শংকৰদেৱৰ জন্ম তিথি উপলক্ষে আবকাৰী আইন-২০০০ অনুসৰি ৰাইজৰ মাজত শান্তি-শৃংখলা অটুত ৰখাৰ উদ্দেশ্যেৰে জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে জিলাখনত সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰা হৈছে।

Your Comments