বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্রতিবেদন :
নলবাৰী টিহুৰ পিছত এইবাৰ বৰভাগত ঘটিল ম'ৰেল পুলিচগিৰিৰ ঘটনা।একেটা পৰিয়ালৰে কেবাজনো সদস্যই মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক।বৰভাগৰ বৰশিমলুৱা গাওঁত সংঘটিত হৈছে এই ঘটনা ।মৃত লোকজন দেৱেশ্বৰ নমঃশুদ্ৰ বুলি জানিব পৰা গৈছে।এই ঘটনাত জড়িত প্ৰমোদ নমঃশুদ্ৰ নামৰ এজনক আটক কৰা হৈছে।গাঁওখনৰ একেটি চুবুৰীৰে প্ৰমোদ নমঃশুদ্ৰ নামৰ এজন ব্যক্তিৰ লগত দেৱেশ্বৰ নমঃশুদ্ৰৰ কাজিয়া হৈছিল।আৰু সেই কাজিয়াৰ পৰিণতিতেই দেৱেশ্বৰক মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰা হয়। পিছত দেৱেশ্বৰক নলবাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে।
- Log in to post comments
- 69 views