এতিয়া দুৰ্গা হোৱাৰ সময়...

Durga

#ৰাজকমল চাংকাকতি#


ঋগবেদ আৰু অথৰ্ব বেদত 'দুৰ্গা' শব্দটোৰ উল্লেখ পোৱা যায়।তৈত্ৰিয় আৰণ্যকত উল্লেখ আছে 'দুৰ্গি' নামৰ এগৰাকী দেৱীৰ কথা।অৰ্থাৎ বৈদিক যুগৰে পৰা ভাৰতবৰ্ষত দুৰ্গা দেৱীৰ আৰাধনা হৈ আহিছে।ৰামায়ণত শ্ৰীৰামে দুৰ্গা পূজা কৰিছিল।মহাভাৰততো পাণ্ডৱ যুধিষ্ঠিৰ আৰু অৰ্জুনে দুৰ্গা আৰাধনা কৰিছিল।'দেৱী-ভাগৱত পুৰাণ'ত শৰৎ ঋতুত দুৰ্গা পূজা কৰাৰ বিষয়ে বৰ্ণনা আছে।আনহাতে, ৪০০-৬০০ খ্ৰীষ্টাব্দত ৰচনা কৰা 'দেৱী মাহাত্ম্য'ত দুৰ্গা দেৱীয়ে মহিষাসুৰক বধ কৰি অপশক্তিক নাশ কৰাৰ বিষয়ে ব্যাখ্যা আছে।মধ্যযুগত ভাৰতত ইছলামীয় শাসকৰ শাসনকালত প্ৰধানকৈ বংগত হিন্দু ধৰ্মৰ প্ৰাচীন গৌৰৱোজ্জ্বল পৰিচয় অটুট ৰখাৰ বাবে হিন্দুসকলে  দুৰ্গা পূজাক এটা ধৰ্মীয় উৎসৱ হিচাপে ব্যাপক পৰিসৰত উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল।এনেদৰে,ঋগবেদৰ যুগৰ পৰা  দুৰ্গা আৰাধনা কৰাৰ জড়িয়তে ভাৰতীয়সকলে দৰাচলতে সৃষ্টিৰ আধাৰ নাৰীশক্তিৰ আৰাধনা কৰিছিল-নাৰীজাতিৰ প্ৰতি যথোপযুক্ত শ্ৰদ্ধা নিবেদন কৰিছিল।গতিকে,এইটো স্পষ্টভাৱে ক'ব পাৰি যে নাৰীজাতিক উপযুক্ত সন্মান প্ৰদান কৰাটো প্ৰাচীন কালৰে পৰা ভাৰতীয় কৃষ্টি-সংস্কৃতিৰ  অভিন্ন অংগ।কিন্তু আজিৰ আধুনিক ভাৰতবৰ্ষত নাৰীসকলে দৈনন্দিন জীৱনত উপযুক্ত মৰ্যাদা লাভ কৰিছেনে,এটা সুৰক্ষিত বাতাৱৰণ লাভ কৰিছেনে-সেই বিষয়ে বিশ্লেষণৰ নিশ্চয় প্ৰয়োজন আছে।
        নাৰীক পূজা কৰা ভাৰতবৰ্ষত আজিৰ একবিংশ শতিকাৰ এই সময়খিনিত নাৰীৰ বাবে সামাজিক পৰিৱেশ  ক্ৰমান্বয়ে অসুৰক্ষিত হৈ আহিছে-এয়াই দুৰ্ভাগ্যজনক বাস্তৱ।বিগত কিছু বছৰত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তথ্যই স্পষ্ট কৰিছে সমাজ-জীৱনত দিনে দিনে নিৰাপত্তাহীন হৈ আহিছে নাৰী।নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ'(এনচিআৰবি)ৰ তথ্য মতে ভাৰতত ২০১৬ বৰ্ষত ৩৩৮,০০০টা নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰ পঞ্জীভুক্ত হৈছিল।২০১৫ বৰ্ষত এই সংখ্যা আছিল ৩২৯,০০০ টা।আনহাতে,২০১৬ বৰ্ষত দেশত বলাৎকাৰৰ ঘটনা পঞ্জীভুক্ত হৈছিল ৩৮,৯৪৭ টা।২০১৫ বৰ্ষত পঞ্জীভুক্ত সংখ্যা আছিল ৩৪,৬৫১ টা।২০১৮ বর্ষ আৰু চলিত বৰ্ষত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা এনে অপৰাধৰ সংখ্যা অধিক বৃদ্ধি পাইছে।ইফালে,২০১৮  বৰ্ষত প্ৰকাশিত 'নেচনেল ফেমিলী হেল্থ ছাৰ্ভে'ৰ প্ৰতিবেদন মতে, ভাৰতত ১৫ বছৰ অতিক্ৰম কৰাৰ পিছত ২৭ শতাংশ নাৰী শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হয়।ঘৰুৱা নিৰ্যাতনৰ ক্ষেত্ৰত গ্ৰামাঞ্চলত ২৯ শতাংশ আৰু চহৰ অঞ্চলত ২৩ শতাংশ নাৰী নিৰ্যাতনৰ বলি হয়।এই সমীক্ষা মতে,দেশৰ ৩১ শতাংশ বিবাহিতা মহিলা স্বামীৰ দ্বাৰা শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতিত হয়।স্বামীৰ দ্বাৰা শাৰিৰীক ভাৱে নিৰ্যাতিত হয় ২৭ শতাংশ মহিলা।মানসিকভাৱে নিৰ্যাতিত হয় ১৩ শতাংশ মহিলা।এনেদৰে, দেশত প্ৰতিদিনেই নিৰ্যাতনৰ বলি হৈছে নাৰী,নিৰ্যাতনৰ বলি হৈ মৃত্যুমুখত পৰিছে শিশুৰ পৰা বৃদ্ধা বয়সলৈকে হাজাৰ- হাজাৰ নাৰী।ভাৰতবৰ্ষ বিশ্ব দৰবাৰত আৰ্থিক-সামৰিককে ধৰি প্ৰায় সকলো ক্ষেত্ৰতে মহাশক্তি হ'বলৈ আগবঢ়াৰ সময়ত এনেদৰে দেশত নাৰী ক্ৰমশঃ অসুৰক্ষিত হৈ পৰাটো এটা কলংকিত অধ্যায় হিচাপে চিহ্নিত হৈছে।ভাৰতবৰ্ষক সামাজিক দিশত প্ৰকৃতাৰ্থত আধুনিক আৰু উন্নত ৰাষ্ট্ৰৰ শাৰীত উঠাৰ ক্ষেত্ৰত এই অধ্যায়টো বাধাস্বৰূপ হৈ পৰিছে।
       দেশত বৰ্ধিত নাৰী নিৰ্যাতনৰ কাৰণ কি?পোনপটীয়াকৈ ক'বলৈ গ'লে দেশত গভীৰভাৱে শিপাবলৈ ধৰা বিশ্বায়নী ভোগবাদী ব্যৱস্থা নাৰী নিৰ্যাতন বৃদ্ধিৰ প্ৰধান কাৰণ।ভোগবাদী ব্যৱস্থাত নাৰীক চলচ্চিত্ৰ,বিজ্ঞাপনত ভোগৰ সামগ্ৰী হিচাপে দৈনিক প্ৰদৰ্শন কৰা হৈছে,যি একাংশ পুৰুষক বিকৃত মানসিকতাসম্পন্ন কৰি তুলিছে।এনে বিকৃত মনস্ক পুৰুষসকলেই সততে যৌন নিৰ্যাতন, বলাৎকাৰ কাণ্ড সংঘটিত কৰিছে আৰু দেশত নিৰাপত্তাহীন হৈ পৰিবলৈ ধৰিছে নাৰী।আনহাতে,দেশৰ এক গৰিষ্ঠসংখ্যক পুৰুষৰ মাজত মধ্যযুগীয় নাৰী দমন কাৰী মানসিকতা এতিয়াও বিৰজমান।এই মানসিকতা পুহি ৰখাৰ বাবেই জীৱন শৈলীত আধুনিক,শিক্ষিত একাংশ পুৰুষেও পত্নীক নিময়িতভাৱে নিৰ্যাতন কৰি গৈছে।তদুপৰি,দেশত মাদকদ্ৰব্যৰ প্ৰচলন ব্যাপক মাত্ৰাত বৃদ্ধি পোৱাৰ সময়ত সুৰাসক্ত হৈ হিতাহিত জ্ঞান হেৰুৱা পুৰুষৰ দ্বাৰা পত্নী তথা পৰিয়ালৰ অন্যান্য নাৰী সদস্য নিৰ্যাতিত হোৱাৰ ঘটনাও দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে।
      এতিয়া, গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে দেশত নাৰী নিৰ্যাতন কেনেদৰে হ্ৰাস কৰিব পৰা যাব?দুৰ্গাক উপাসনা কৰা দেশখনত এই আধুনিক যুগত কেনেদৰে নাৰীক সম্পূৰ্ণ সুৰক্ষিত বাতাৱৰণ প্ৰদান কৰিব পৰা যাব?এইক্ষেত্ৰত প্ৰথম কথাটো হৈছে চলচ্চিত্ৰ,বিজ্ঞাপনত নাৰীক ভোগ্য-পণ্য সামগ্ৰী হিচাপে উপস্থাপন কৰাটো বন্ধ কৰিব লাগিব।কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰি চলচ্চিত্ৰ-বিজ্ঞাপনত নাৰীৰ অসন্মানজনক-অশ্লীল উপস্থাপন বন্ধ কৰাটো দৰকাৰ।দেশৰ শুভবুদ্ধিসম্পন্ন নাগৰিকসকলেও নাৰীৰ অশ্লীল উপস্থাপন বন্ধ কৰাৰ বাবে চলচ্চিত্ৰ-বিজ্ঞাপন নিৰ্মাতাসকলক তীব্ৰ হেঁচা ধাৰাবাহিকভাৱে প্ৰয়োগ কৰিব লাগিব।আনহাতে,চলচ্চিত্ৰ-বিজ্ঞাপন ক্ষেত্ৰৰ নাৰীসকলেও একমাত্ৰ অৰ্থ উপাৰ্জনৰ বাবেই ভোগবাদী ব্যৱস্থাৰ হাতৰ পুতলা হিচাপে নিজকে এৰি দিয়াৰ প্ৰৱণতা ত্যাগ কৰিব লাগিব।নিজৰ সন্মান ৰক্ষাৰ বাবে তেওঁলোকে অশুভ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ কৰাৰ মানসিকতা গ্ৰহণ কৰি লাগিব।যেতিয়াই দেশত জনতাৰ  মানসিকতা ভ্ৰষ্ট কৰা এনে কাম-কাজসমূহ বন্ধ হ'ব,নাৰীৰ যৌন নিৰ্যাতনৰ ঘটনাও যথেষ্ট মাত্ৰাত হ্ৰাস পোৱাটো নিশ্চিতভাৱে প্ৰত্যক্ষ কৰা হ'ব।দ্বিতীয় কথাটো হৈছে  নাৰীক বিভিন্ন প্ৰকাৰেৰে নিৰ্যাতন কৰা প্ৰতিটো অপৰাধীৰ শাস্তি কম সময়ৰ ভিতৰতে নিশ্চিত কৰিব লাগিব চৰকাৰ,আৰক্ষীয়ে।তৰিৎ কঠোৰ আইনী শাস্তি নিশ্চিতকৰণে বিকৃত মনস্কৰ অপৰাধীসকলৰ মনত ভয় ভাবৰ সৃষ্টি কৰি নাৰীজনিত অপৰাধ হ্ৰাস কৰাত অৰিহণা আগবঢ়াব।তৃতীয়তে,নাৰী দমনকাৰী মনোভাৱ প্ৰদৰ্শন কৰি পুৰুষত্বৰ প্ৰমাণ কৰিবলৈ বিচৰা পুৰুষসকলে এনে ঘৃণনীয় মনোভাৱ পৰিহাৰ কৰি নিজকে প্ৰকৃতাৰ্থত আধুনিক হিচাপে গঢ় দিয়াৰ প্ৰয়োজন।পত্নী দমনকাৰী স্বামীসকলে বুজি উঠা উচিত যে পত্নীৰ বিচাৰধাৰা,ইচ্ছা-অনিচ্ছাৰ প্ৰতি সন্মান জনাই বুজাবুজিৰে আগবাঢ়িলেহে সংসাৰ সুখৰ হয়।শেষৰ তথা সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে নিজৰ ওপৰত তথা চা-চিনাকিৰ নাৰীৰ ওপৰত সংঘটিত নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰতিগৰাকী নাৰীয়ে নিজৰ মাজত সাহসৰ জন্ম দিয়াটো।নিৰ্যাতিত হৈ অসন্মানজনকভাৱে,মানৱ অধিকাৰবিহীনভাৱে জীৱন যাপন কৰাটো কেতিয়াও কাম্য নহয় বুলি নাৰীসকলে উপলদ্ধি কৰক।নিৰ্যাতনকাৰীৰ বিৰুদ্ধে মাত মাতিলে উক্ত অপশক্তিসমূহ শংকিত হ'ব, নাৰীৰ বিৰুদ্ধে নতুন অপৰাধ সংঘটিত কৰিবলৈ কুন্ঠিত হ'ব-এনে ভাৱনা প্ৰতিগৰাকী নাৰীয়ে গ্ৰহণ কৰিব লাগে।   

      আনহাতে,নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কোনো সংগঠনৰ মঞ্চত,ছ'চিয়েল মিডিয়াত মাত মাতিলে আইনৰ লগতে শুভবুদ্ধিসম্পন্ন পুৰুষ-মহিলাৰো সহায় পাব।আজিৰ আধুনিক নাৰীয়ে কেৱল দুৰ্গা পূজা কৰিলেই নহ'ব,দেৱী দুর্গাৰ দৰে অসূয়া বিনাশকাৰী ভূমিকাও হাতে-কামে পালন কৰিব লাগিব।শিক্ষিত হোৱাৰ লগতে আত্মৰক্ষাৰ সমৰকলাও শিকিব লাগিব।ভাৰতীয় আধুনিক নাৰীৰ বাবে এতিয়া দেৱী দুৰ্গাৰ পূজা কৰাৰ লগতে দেৱী দুৰ্গা  হোৱাৰো সময়।এই কথাটো নিশ্চিত যে আধুনিক নাৰীয়ে অন্যায় বিনাশকাৰী ভূমিকা পালন কৰিলে,সৎ-নীতিনিষ্ঠ-অন্যায়বিৰোধী পুৰুষসকলো তেওঁলোকৰ কাষত ঠিয় হ'ব।

Your Comments