শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন:
শিৱসাগৰ জিলাখনত দুৰ্গা পূজা আৰু আগন্তুক দীপাৱলী উৎসৱ সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে উদযাপনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষাৰূপে উপায়ুক্ত ডাঃএম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ পথ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যে সুনিশ্চিত কৰিছে।
যোৱা ৪ অক্টোবৰ তাৰিখে ৰাজ্যৰ পৰিবহণ বিভাগৰ সচিবে প্ৰেৰণ কৰা এক বেতাৰ বাৰ্তাৰ নিৰ্দেশ মৰ্মে জিলাখনত আৰক্ষী অধীক্ষক,সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ মনালী প্ৰসাদ ৰজক, জিলা পৰিবহণ বিষয়া,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু আবকাৰী অধীক্ষকক লৈ পথ সুৰক্ষা সুনিশ্চিত কৰাৰ হকে এখন সমিতি ইতিমধ্যে গঠন কৰা হৈছে।এই সমিতিয়ে জিলাখনত ট্ৰেফিক নিয়মাৱলীৰ যথাযথ পালন, নিয়মীয়া তালাচী,যান-বাহন আইন (সংশোধিত), ২০১৯ ৰ কঠোৰ বলৱৎকৰণ আদি বিষয়সমূহ তদাৰক কৰাৰ উপৰিও অবৈধ সুৰাৰ বিৰুদ্ধে তীব্র অভিযান চলোৱাটো সুনিশ্চিত কৰিব।
জিলা পৰিবহণ বিভাগৰ উদ্যোগত ইতিমধ্যে ভালেসংখ্যক পূজা পেণ্ডেলত নতুন যানবাহন আইন তথা পথ সুৰক্ষাৰ ব্যৱস্থাৱলী সন্নিবিষ্ট কৰি বিভিন্ন বেনাৰ লগোৱা পৰিলক্ষিত হৈছে। তদুপৰি, জিলাখনৰ বিভিন্ন স্থানত পথ সুৰক্ষাৰ নিয়মাৱলী আৰু যানবাহন আইন সম্পৰ্কে ৰাইজৰ মাজত সজাগতা অভিযানো চলোৱা হৈছে।
আৰক্ষী বিভাগেও জিলাখনৰ বিভিন্ন অঞ্চলত তীব্ৰ তালাচী অভিযান চলাই আছে।
যোৱা ২ ৰ পৰা ৩ অক্টোবৰলৈ চলোৱা অভিযান কালত ট্ৰেফিক আইন উলংঘন কৰাসকলৰ পৰা ১,১৮,৪০০ টকা জৰিমনা হিচাবে সংগ্ৰহ কৰা হৈছে। লগতে প্ৰায় ৫১০ লিটাৰ অবৈধ দেশীয় তথা বিলাতী সুৰা জব্দ কৰি ধ্বংস কৰা হৈছে। ৰাইজৰ মাজত অবৈধ সুৰাৰ বিৰুদ্ধে সজাগতা অভিযান তীব্ৰতৰ কৰা হৈছে।
এক বার্তাযোগে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সমূহ ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক ওলগ জনাইছে।
জিলা প্ৰশাসনে সমূহ ৰাইজক বাতাৱৰণৰ অনুকূল হোৱাকৈ আৰু প্লাষ্টিক মুক্তভাৱে দুৰ্গোৎসৱ আয়োজন কৰাৰ বাবে আহ্বান জনাইছে।
উল্লেখযোগ্য যে, স্বচ্ছতাৰ ভিত্তিত জিলাখনৰ শ্ৰেষ্ঠ বিবেচিত পূজা পেণ্ডেলক প্ৰশাসনৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হ'ব। ইয়াৰ বাবে সম্প্ৰতি মূল্যাংকণ প্ৰক্ৰিয়া চলি আছে বুলিও জিলা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে।
- Log in to post comments
- 13 views