শিৱসাগৰৰ ২৮৬ বছৰীয়া ঐতিহাসিক দেৱীদ'লত মহা অষ্টমী পূজা সম্পন্ন

Durga Debi

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰা হয় দুৰ্গোৎসৱৰ অষ্টমী পূজা।শিৱসাগৰৰ বিভিন্ন পূজা মণ্ডপৰ লগতে ঐতিহাসিক দেৱীদ'লতো মহা অষ্টমীৰ পূজা কৰা হয়।দেৱীৰ সেৱা ল'বলৈ পুৱাৰে পৰা দেৱীদ'লত ভক্তৰ লানি নিচিগা ভিৰ দেখা যায়।মনোকামনা পূৰণৰ বাবে দেৱীক সন্তুষ্ট কৰিবলৈ দূৰ-দূৰণিৰ ভক্তপ্ৰাণ লোকসকলে হাতে-হাতে হাঁহ,ছাগলী লৈ দেৱীক পূজা আগবঢ়াবলৈ কাহিলী পুৱাৰে পৰা দেৱীদ'লত ভিৰ কৰেহি।

উল্লেখ্য যে,বুৰঞ্জীৰ তথ্য অনুসৰি ১৭৩১-৩৩ খৃষ্টাব্দৰ ভিতৰত ( ১৬৫৫ শক) আহোম স্বৰ্গদেও শিৱসিংহৰ পত্নী বৰৰাণী অম্বিকা কুঁৱৰীয়ে এটা বৃহৎ পুখুৰী খন্দোৱাইছিল।এই পুখুৰীৰ পাৰতে ৰজাই পূজা কৰিবলৈ শিৱ দৌল,দেৱী দৌল আৰু বিষ্ণু দৌলৰ নিৰ্মাণ কৰিছিল। সেই সময়ৰ পৰাই দেৱীদ'লত দুৰ্গা পূজাৰ অয়োজন কৰি অহা হৈছে।দেৱীদ'লত দুৰ্গাদেৱীৰ স্থায়ী মূৰ্তি আছে যদিও দুৰ্গাপূজাৰ সময়ত মাটিৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি প্ৰতিমা স্থাপন কৰি পূজা কৰা হয়।

দুৰ্গা পূজাৰ সময়ত দেৱীদ'লত আহোম যুগৰে পৰা বলি বিধানৰ পৰম্পৰা চলি আহিছে।অষ্টমীৰ দিনা ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে দেৱীৰ চৰনত কোমোৰা,পাৰ, হাঁহ ছাগলীৰ বলি দি আহিছে। এইবাৰ অষ্টমীত ৪০০ ৰ পৰা ৬০০ হাঁহ, পাৰ, ছাগলী কোমোৰা বলি দিয়া হয় বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে । 

আনহাতে,এই ঐতিহাসিক দেৱীদ'ল নিৰ্মাণৰ সময়ৰ পৰাই হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বীৰ মাজত সমন্বয় বৰ্তাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখি আহোম ৰজাই দেৱীদ'ল চোৱাচিতা আৰু নেগেৰা বাদ্য সংগত কৰাৰ দায়িত্ব এটা মুছলমান পৰিয়ালক অৰ্পন কৰিছিল।দ'ল চোৱাচিতা আৰু দ'লত নেগেৰা পৰিৱেশন কৰা ইছলামধৰ্মী পৰিয়ালটোক দৌল্লা পৰিয়াল বুলি জনা যায়। দুৰ্গা পূজাত এই পৰিয়ালটোক সন্মান প্ৰদৰ্শন কৰি আহোম ৰজাই পূজাৰ নৈৱদ্য প্ৰদান কৰিছিল।

তদুপৰি,স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা বেতবাৰী মৌজাৰ কেন্দুগুৰিৰ বৰপাত্ৰগোহাঁই পৰিয়াললৈ দুৰ্গা পূজাৰ প্ৰসাদ প্ৰদানৰ পৰম্পৰা আছিল যদিও ১৯৪১ চনৰ পৰা এই প্ৰসাদ প্ৰদানৰ পৰম্পৰা বন্ধ হৈ পৰিছিল। 

এইবাৰ শিৱসাগৰ দ'ল উন্নয়ণ সমিতি আৰু দুৰ্গাপূজা উদযাপন সমিতিয়ে অষ্টমীৰ দিনটোত দৌল্লা পৰিয়াললৈ পূজাৰ নৈৱদ্যৰ লগতে এটা জীৱন্ত ছাগলী প্ৰদান কৰাৰ লগতে বৰপাত্ৰগোহাঁই পৰিয়াললৈ পূজাৰ প্ৰসাদ অৰ্পন কৰি ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখিব বুলি জানিবলৈ দিয়ে।

Your Comments