৭-৮ অক্টোবৰত সকলো সুৰা ব্যৱসায় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি মৰিগাওঁ জিলা প্ৰশাসনৰ

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

দুৰ্গা পূজাৰ সময়ত ৰাজহুৱা শান্তিৰক্ষাৰ স্বাৰ্থত মৰিগাঁও জিলা প্ৰশাসনে অহা ৭ আৰু ৮ অক্টোবৰত জিলাখনৰ সকলো সুৰা ব্যৱসায় বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে। মৰিগাঁও জিলা  উপায়ুক্ত ঋতুৰাজ বৰাই MXE96/07-09/66 নং নিৰ্দেশ আৰু  অসমৰ আবকাৰী আইন ২০০০ ৰ ধাৰা ৫২ (১) ৰ অধীনত উক্ত নিৰ্দেশনা জাৰি কৰে। উপায়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি  মহানৱমী আৰু বিজয়া দশমীৰ দিনাখন অৰ্থাৎ ৭ আৰু ৮ অক্টোবৰত জিলাখনৰ সকলো খুচুৰা মদৰ দোকান আৰু বাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।

Your Comments