বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
আজি পৱিত্ৰ মহা অষ্টমী। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো ঠাইতে পালন কৰা হৈছে দুৰ্গা পূজা মহোৎসৱ আৰু লগতে আটক ধুনীয়াকৈ সজাই তোলা হৈছে মন্দপ সমূহ । সৰুপেটা দুৰ্গা পূজা মহোৎসৱতো আটক ধুনীয়াকৈ সজাই তোলা হৈছে মন্দপ আৰু দেখা গৈছে যথেষ্ঠ ভক্তপ্ৰাণ ৰাইজৰ সমাগম । উক্ত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি আঞ্চলিক হিন্দু জাগৰণ মঞ্চৰ তৰফৰ পৰা শনিবাৰে বিতৰণ কৰা হয় বিশুদ্ধ খোৱা পানী।মঞ্চৰ এনে কাৰ্যসূচীয়ে যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হৈছে তৃষ্ণাতুৰ ৰাইজক। উল্লেখ্য যে পাঁচ দিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা দুৰ্গা পূজাৰ আটাইকেইটা দিনতেই বিশুদ্ধ খোৱা পানীৰ যোগান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মঞ্চৰ নেতৃত্বই। ইপিনে সৰুপেটা আঞ্চলিক হিন্দু জাগৰণ মঞ্চৰ সভাপতি সম্পাদক ক্ৰমে সণ্টি বায়ন আৰু মানস প্ৰতীম দাস উপ সভাপতি বিকাশ দাস,কলবাৰী হিন্দু জাগৰণ মঞ্চৰ শাখা সমিতিৰ সভাপতি অজয় দাস,সম্পাদক আৰু উপ সভাপতি ক্ৰমে ধ্ৰুৱজ্যোতি ঠাকুৰীয়া আৰু গপাংক বায়ন, সদস্য অনুপ দাসে সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছে ।
- Log in to post comments
- 5 views