বৰপেটাৰ পৰা ৰঞ্জিত কুমাৰ তালুকদাৰৰ প্রতিবেদন :
অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সভাপতি পদৰ বাবে ইতিমধ্যে ৭গৰাকী লোকে মনোনয়ন দাখিল কৰিছে। মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকল হৈছে ক্ৰমে কুলধৰ শইকীয়া,
ডঃ জয়শ্ৰী গোস্বামী মহন্ত,পখিলা কলিতা,ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰহ্লাদ চন্দ্ৰ তাছা,অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকা আৰু পদ্মশ্ৰী সুৰ্য্যকান্ত হাজৰিকা ৷উপ সভাপতি পদৰ বাবেও ৪গৰাকী লোকে মনোনয়ন দাখিল কৰিছে, এই সকল প্ৰাৰ্থী হৈছে-- মৃণালিনী দেৱী, ৰতিমোহন নাথ, ড০ বসন্ত কুমাৰ শৰ্মা আৰু পদুমী গগৈ।
তদুপৰি, প্ৰধান সম্পাদকৰ পদৰ বাবে দেৱজিত বৰা, বৰ্তমানৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা,হৰেন্দ্ৰ কলিতা আৰু যাদৱ চন্দ্ৰ শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিছে।
৭ অক্টোবৰৰ তাৰিখলৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব।
১ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব। জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে ভোটদান কৰিব লাগিব। ১৫ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
- Log in to post comments
- 23 views