বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা গাঁৱত বিগত ২০০০ চনৰে পৰা চলি আহিছে সমন্বয়ৰ প্ৰতীক এখন দুৰ্গা পূজা৷এই দুৰ্গা পূজাখনত মুছলমান ৰাইজেও সহযোগ আগবঢ়াই আহিছে।পূজাখন নলবাৰী আৰু কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ গৰচুংকে ধৰি দুয়ো জিলাৰ সাতখন গাওঁ সামৰি চলি আহিছে।এইবেলিও ষষ্ঠীৰ দিনটোৰ পৰা আৰম্ভ হৈছে পূজাভাগ।
মনকৰিবলগীয়া যে এইবেলি উক্ত দুৰ্গা পূজা মণ্ডপ প্ৰাংগনত হিন্দু- মুছলমানৰ সমন্বিত প্ৰচেষ্টাত ঈদ সন্মিলন অনুষ্ঠিত কৰিছিল৷
- Log in to post comments
- 16 views