হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হোজাইত শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনাই নাগৰিকত্ব প্ৰদানৰ দাবীত অনশনত বহিল অল ইণ্ডিয়া বেংগলী অৰ্গেনাইজ্যেচন।সংগঠনটোৰ হোজাই জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে লংকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত অনশনত বহে অল ইণ্ডিয়া বেংগলী অৰগেনাইজেশ্যনৰ সদস্য সকল । এই প্ৰতিবাদৰ মূলদাবীয়েই আছিল নাগৰিকত্ব প্ৰদান কৰা।উল্লেখ্য যে,ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ষড়যন্ত্ৰ মূলক ভাৱে হিন্দু বাঙালীৰ নাম কৰ্তন কৰাৰ অভিযোগ তুলি এই লোকসকলে অনশনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে প্ৰতীক হাজেলা মুৰ্দাবাদ,হিন্দু বাঙালী বিদেশী নহয় আদি প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰাৰ লগতে বিনাচৰ্তে হিন্দু বাঙালীক নাগৰিকত্ব প্ৰদান কৰাৰ উপৰি বিনাচৰ্তে হিন্দু বাঙালীক ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়াৰ দাবীও উত্থাপন কৰে ।অনাগত দিনত চৰকাৰখনে এই দাবী সমূহ মানি নল'লে জংগী আন্দোলন গঢ় দি তুলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
- Log in to post comments
- 5 views