নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ৮৬২০ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে পহিলা অক্টোবৰৰ পৰা আৰম্ভ কৰা কৰ্মবিৰতিয়ে আজি পঞ্চম দিনত ভৰি দিলে ৷ উল্লেখ্য যে,অহা ৯, ১০, আৰু ১১ অক্টোবৰত পুনৰ চলিব এই প্ৰতিবাদ ৷ অসমৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক আৰু সহায়ক গাণনিকসকলৰ লগতে জিলা খনৰ আটাইকেইটা উন্নয়ন খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ নলবাৰী জিলা সমিতিয়েও বিগত চাৰি দিন ধৰি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰি আহিছে ৷ নলবাৰী জিলা সমিতিৰ সকলো বিষয়ববীয়া সকলৰ নেতৃত্বত সকলো ঠিকাভিত্তিক কৰ্মীচাৰীয়ে বিভিন্ন দাবীৰ সমৰ্থনত হাতে হাতে প্লেকাৰ্ড লৈ এই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷
কৰ্মচাৰীসকলৰ এই প্ৰতিবাদৰ ফলত নলবাৰী জিলাৰ পঞ্চায়ত আৰু উন্নয়ন খণ্ডবোৰৰ উন্নয়নমূলক কাম-কাজ স্তবিৰ হৈ পৰিছে ৷ প্ৰতিবাদী ঠিকাভিত্তিক কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে,১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ কাৰ্যসুচীৰ দুদিন বঢ়াই দিয়া হৈছে ৷ পুনৰ ১১ অক্টোবৰলৈ চলিব এই প্ৰতিবাদ ৷ চৰকাৰে যদি এইসকল কৰ্মচাৰীৰ দাবীসমূহ মানি নলয়, তেন্তে অহা দিনত চৰকাৰৰ বিৰুদ্ধে জোৰদাৰ আন্দোলৰ হুংকাৰ দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মৰত কৰ্মচাৰীসকলে ৷ প্ৰতিবাদী কৰ্মচাৰীসকলে চাকৰী সুনিশ্চিত আৰু নিয়মীয়াকৰণ কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে একে পদত কৰ্মৰত অন্যান্য কৰ্মচাৰীৰ সমহাৰত বেতন, গ্ৰেড পে, গ্ৰেড স্কেল প্ৰদানৰ দাবী উত্থাপন কৰে ৷
- Log in to post comments
- 38 views