পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

Elephant

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান৷শুকুৰবাৰে উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰত ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে ৷লগতে উপস্থিত থাকে বিটিচি প্ৰশাসনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৫ জুনত বাৰিষাৰ বাবে সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ৷

Pic

ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি খাম্পা বৰগয়াৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক উন্নয়নত উদ্যানখনৰ সৈতে জড়িত বিভিন্ন স্বেচ্ছাসেৱী দল-সংগঠনৰ ভূমিকাক প্ৰশংসা কৰে ৷উল্লখ্য যে যোৱা বৰ্ষত মানাহলৈ অহা  ৬৫৮ গৰাকী বিদেশী পৰ্যটক আৰু ৪২,৩২৯ গৰাকী দেশীয় পৰ্যটক তথা যান-বাহনৰ পৰা চৰকাৰে লাভ কৰিছিল ১,০৬,৬৩,৫০০ টকাৰ ৰাজহ ৷ইফালে মানাহ মুকলিৰ উপৰি বাঁহবাৰীত উদ্যান কৰ্তৃপক্ষই আজি উদযাপন কৰে বন্যপ্ৰাণী সপ্তাহ-২০১৯ ৷ বন্যপ্ৰাণী সপ্তাহ উপলক্ষে প্লাষ্টিক বৰ্জন আৰু স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এটা শোভাযাত্ৰাও উলিওৱা হয় ৷

 

Your Comments