নৰেন শৰ্মা,বাহাৰঘাট:
সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত নিয়োজিত হৈ থকা গ্ৰাম ৰোজগাৰ সহায়ক, গাঁও পঞ্চায়ত সমম্বয়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক আৰু এগ্ৰিগেডেড ইঞ্জিনীয়াৰসকলকে ধৰি মুঠ ত্ৰিশগৰাকী কৰ্মচাৰীয়ে শুকুৰবাৰে পুৱাৰে পৰা উন্নয়ন খণ্ডৰ সন্মুখত চাকৰি নিয়মীয়াকৰণ,সমকামৰ সমমজুৰি প্ৰদান,দৰমহা বৃদ্ধিৰ লগতে চৰকাৰী সা-সুবিধা প্ৰদানৰ দাবীত চতুৰ্থদিনা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। ১, ২, ৩, ৪ অক্টোবৰ আৰু ৯, ১০, ১১ অক্টোবৰলৈকে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট চলি থাকিব বুলি এক প্ৰেছ বিবৃতিত সন্থাৰ হৈ পৰাগ কুমাৰ শৰ্মা আৰু বিজুমণি কলিতাই জানিবলৈ দিয়ে। লগতে চৰকাৰে অনতি পলমে এই দাবী পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ অধিক ভয়ানক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।
- Log in to post comments
- 59 views