বজালীৰ পৰা বুবু কলিতা:
আজি পৱিত্ৰ মহা ষষ্ঠী।দুৰ্গা পূজা উদযাপনক লৈ ব্যস্ত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ৰাইজৰ লগতে ভৱানীপুৰ সমষ্টিৰ সৰুপেটা, গলিয়া, মাধৱপুৰ অঞ্চলবাসীও।
আজিৰে পৰা সৰুপেটা,গলিয়া সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিব শাৰদীয় দুৰ্গা পূজা মহোৎসৱ।সৰুপেটা মিলন মন্দিৰ প্ৰাংগণত ৯৪ সংখ্যক বৃহত্তৰ সৰুপেটা শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱ উদযাপন কৰিবলৈ ওলাইছে বুলি উদযাপন সমিতিৰ সভাপতি পৰাগজ্যোতি চৌধুৰীয়ে জানিবলৈ দিছে।ইফালে, সৰুপেটাৰ এই দুৰ্গা পূজা মহোৎসৱ বাকৰিত অহা ৭ অক্টোবৰ তাৰিখে দিনৰ ১০ বজাত ভৱানীপুৰ সমষ্টি প্ৰেছ ক্লাবৰ উদ্যোগত আৰু অনুৰাগ সাহিত্য আলোচনীৰ সহযোগত শিল্পী নাৰায়ণ ৰামচিয়াৰী, সাংবাদিক কৃষ্ণা ডেকা সোঁৱৰণী ‘শৰত উৎসৱত কথা, কবিতা আৰু সুৰৰ কোলাহল’ শীৰ্ষক এটা অসমীয়া,বড়ো ভাষা-সাহিত্য-সাংস্কৃতিকমূলক অনুষ্ঠানৰ আয়োজন কৰিছে।ভৱানীপুৰ প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ তালুকদাৰে জনোৱা মতে,এই অনুষ্ঠানটো উদ্বোধন কৰিব পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অধিউপাধ্যায় ড° ৰণজিৎ ডেকাই আৰু অনুষ্ঠানটোৰ সঞ্চালনা কৰিব কবি-অধ্যাপক ড° মৰমী বৰঠাকুৰে। জানিব পৰা মতে, উক্ত অনুষ্ঠানত 'অনুৰাগ সাহিত্য গোষ্ঠী'ৰ তৰফৰ পৰা জেপোলিন ৰাজকুমাৰীক ‘অনুৰাগ সাহিত্য বঁটা’, অনুপ কুমাৰ পাটোৱাৰী, সমীৰ নয়ন কীৰ্তিকাৰক ‘কাব্য সাধক বঁটা’, দীপলিমা দাস,স্মৃতিৰেখা দাস, মীনা তালুকদাৰ, ৰীণা দেৱীক ‘নিষ্ঠাৱান কাব্য চৰ্চাকাৰী বঁটা’ প্ৰদান কৰিব। দুকুৰিতকৈও অধিক কবি এই অনুষ্ঠানত উপস্থিত থাকিব।
- Log in to post comments
- 16 views