বঙাইগাঁওঃ
বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত অনুষ্ঠিত ৩১ সংখ্যক নেহৰু কাপ স্কুল ফুটবল প্ৰতিযোগিতাত অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।ঢালিগাঁওস্থিত শোধনাগাৰৰ নিজস্ব ক্ৰীড়া প্ৰাংগণত বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ে টেঙাইগাঁও হাইস্কুলক ৫-১ গলৰ ব্যৱধানত পৰাজিত কৰে । সম্পূৰ্ণ একপক্ষীয় খেলখনত অভয়েশ্বৰীৰ হৈ পংকজ ৰয়ে দুটা আৰু নৱদ্বীপ ৰয় , ভূপতি ৰয় আৰু সঞ্জীৱ দাসে একোটাকৈ গল স্ক'ৰ কৰে ৷ আনহাতে টেঙাইগাৱৰ হৈ উত্তম বৰ্মণে একমাত্ৰ গলটো দিয়ে ৷ টুৰ্ণামেন্টখনত টেঙাইগাঁৱৰ কৌশিক বৰ্মণে শ্ৰেষ্ঠ খেলুৱৈ, দীপাংকৰ নাৰায়ণ দেৱে শ্ৰেষ্ঠ গলকীপাৰ , শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলৰ গৌমথাও বসুমতাৰীয়ে বেষ্ট ডিফেণ্ডাৰ আৰু বিদ্যাপুৰ হাইস্কুলৰ সৰ্বেশ্বৰ বৰ্মণে সৰ্বাধিক গলদাতাৰ সন্মান অৰ্জন কৰে । খেলৰ অন্তত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক ( টি এছ, এইচ এছ এণ্ড ই বিভাগ ) এম এম ছেত্ৰীয়ে বঁটাসমূহ বিতৰণ কৰে ।
- Log in to post comments
- 2 views