বিবাহ নিশ্চিত হ'ল প্ৰিয়ংকা-নিকৰ

priyaaka copra_nick

আজি পুৱা মুম্বাইত বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু পপ গায়ক নিক জ’নছৰ বিবাহপূৰ্ব কাৰ্য সম্পন্ন হয় ৷ সম্পূৰ্ণ পঞ্জাবী ৰীতি-নীতিৰে এই বিবাহপূৰ্ব কাৰ্য 'ৰোকা' সম্পন্ন হয় প্ৰিয়ংকাৰ মুম্বাইস্থিত বাসভৱনত ৷ এই শুভক্ষণত উপস্থিত থাকে প্ৰিয়ংকাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ লগতে আত্মীয়সকল ৷

priyaaka_nick

আনহাতে, নিক জ’নছৰ পিতৃ-মাতৃও উপস্থিত আছিল এই অনুষ্ঠানত ৷ উল্লেখ্য যে যোৱা বছৰ প্ৰিয়ংকা আৰু নিকৰ মাজত চিনাকি হৈছিল এখন ৰেড কাৰ্পেট অনুষ্ঠানত ৷ তাৰ পৰাই দুয়োৰে বন্ধুত্ব গঢ়ি উঠে আৰু এই বন্ধুত্বই আজি পতি-পত্নীৰ মৰ্যাদা লাভৰ দিশত আগবাঢ়ে ৷

Your Comments