নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
ফেচবুকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিল নলবাৰীৰ যুৱক ৷ প্ৰাপ্ত তথ্য মতে, ধৃত লিন্টু কিশোৰ শৰ্মা নামৰ যুৱকজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটি ফেচবুক পোষ্ট যোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল । ২০২১ৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ'ব লগা প্ৰচাৰ সভাত দেশৰ প্ৰধান মন্ত্ৰীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ হ'ব আৰু এই আক্ৰমণত হিমন্ত বিশ্বৰ মৃত্যু হ'ব বুলিও উল্লেখ কৰিছিল যুৱকজনে ৷ উল্লেখ্য যে, নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ত তেওঁক চাকৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মৃত্যুৰ পৰা হাত সাৰিব বুলিও উল্লেখ কৰিছিল লিন্টু কিশোৰ শৰ্মাই ৷ চচিয়েল মিডিয়া যোগে এনেদৰে ভাবুকি প্ৰদান কৰা লিন্টু কিশোৰ শৰ্মাৰ বিৰুদ্ধে এগৰাকী সচেতন যুৱক মেৰাজুদ্দিন আহমেদে নলবাৰী সদৰ আৰক্ষী থানাত তৰা এক গোচৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে বৰভাগৰ আৰংগমৌৰ ঘৰৰ পৰা আটক কৰে যুৱকজনক ৷
- Log in to post comments
- 35 views