ডিমৌৰ পৰা অভিজিত গগৈ ৰ প্ৰতিবেদনঃ
আজি ডিমৌ "কমামি" ভৱনৰ সভা কক্ষত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এন আৰ চি সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। থাওৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ উদীয়মান যুৱ নেতা তথা অধিবক্তা চন্দন জ্যোতি ফুকনৰ বলিষ্ঠ নেতৃত্বত আয়োজন কৰা এই সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি হামিদুৰ ৰহমানৰ লগতে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ সভাপতি বিদ্যুৎ গগৈ, থাওৰা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্যাম আগৰৱালা, সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি আব্দুল হক উপস্থিত থাকে ।
উক্ত সভাত প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত এন. আৰ. চি. ত নাম নথকা থাওৰা বিধানসভা সমষ্টিৰ প্ৰকৃত ভাৰতীয় সকলে কি ধৰণে নিজৰ নাম বিদেশী ন্যায়ালয়ত আবেদন কৰিব লাগিব সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উপ সভাপতি হামিদুৰ ৰহমান আৰু শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ সভাপতি বিদ্যুৎ গগৈয়ে ।
- Log in to post comments
- 17 views