মাজুলীৰ ভীমপৰাত বান- খহনীয়াগ্ৰস্থৰ প্ৰতিবাদ : অৰ্ধশতাধিক গাঁও এতিয়াও প্লাবিত,বিভিন্ন শিক্ষানুষ্ঠানত পাঠদান ব্যাহত

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ প্ৰতিবেদন :

মাজুলী ভীমপৰাত অব্যাহত থকা বিধ্বংসী খহনীয়াৰ ফলত অস্তিত্বৰ ভাবুকি আহিছে ভীমপৰা গাঁৱৰ তিনি শতাধিক পৰিয়ালসহ ভকত চাপৰি অঞ্চলৰ সোতৰখন বৃহত্তৰ গাঁৱলৈ। ব্ৰহ্মপুত্ৰৰ ফাটি ভকত চাপৰিলৈ সোমাই যোৱা এটা সূতিয়ে বিধ্বংসী খহনীয়া সৃষ্টি কৰি নিমিষতে উচন কৰি পেলাইছে ভকত চাপৰি অঞ্চলৰ ভীমপৰা গাঁৱৰ বহু হেক্টৰ কৃষি ভূমি । খহনীয়া পৰিস্থিতি ইমানেই জটিল পৰিছে যে চকুৰ সন্মুখতে নিমিষতে কল গছ,বাঁহ,কুঁহিয়াৰ, বিভিন্ন শাক পাচলিকে ধৰি অন্যান্য সা-সম্পত্তি নিঃশেষ কৰিছে। ইমানৰ পিছতো ৰাজ্যিক জলসম্পদ বিভাগ, কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু মাজুলী জিলা প্ৰশাসনৰ কোনো এটা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লোক খহনীয়া স্হানত উপস্থিত নোহোৱা কাৰ্যত ক্ষুন্ন হৈ ভীমপৰা গাঁৱৰ পুৰুষ-মহিলা উভয়ে শুকুৰবাৰে নদীৰ পাৰলৈ ওলাই আহি ব্ৰহ্মপুত্ৰ ব'ৰ্ড গ'বেক,ব্ৰহ্মপুত্ৰ ব'ৰ্ড হায় হায়,জলসম্পদ বিভাগ হায় হায়,আমাক নিৰাপত্তা প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।majuli2

চপৰা চপৰে খহাই থকাৰ ফলত আতংকিত হৈ ক্ৰমে কুমুদ বৰুৱা, প্ৰফুল্ল বৰুৱা, মুহিৰাম বৰুৱা,ঘনকান্ত শইকীয়া,অতুল শইকীয়া,চন্দ্ৰ বৰুৱা, চন্দ্ৰ ফু‌কন,বিশ্ব বৰা, মইনা বৰা,মুহিৰাম বৰা,লিলা ফুকন, দুলাল ফুকন, ৰন্জ্ঞিত শইকীয়া,প্ৰশান্ত বৰা,কৃষ্ণ বৰা,বাবু বৰা,ধনীৰাম বৰা,কল্পনা বৰা,মন্জ্ঞু ফুকন, অনু বৰুৱা, ৰন্জ্ঞু বৰুৱা, ৰেণু বৰুৱা আদিকে ধৰি ডেৰকুৰি বৰ্ন্যাতৰ লোক নৈ পাৰলৈ ওলাই আহি চৰকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ধিক্কাৰ দিয়ে । এই প্ৰতিবাদী কৰ্যসূচীত অংশগ্ৰহণ কৰি কুমুদ বৰুৱাই কয় যে দেশে স্বাধীনতা লাভৰ পিছত পোন প্ৰথমবাৰলৈ মাজুলী সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে । মাজুলীবাসীয়ে সেই সৌভাগ্য লাভ কৰিও বৰ্তমান মাজুলীৰ ভকত চাপৰি অঞ্চলৰ ভীমপৰা গাঁৱৰ তিনি শতাধিক লোক অস্তিত্বৰ সংকটত ভূগিছে বুলি আক্ষেপ প্ৰকাশ কৰিছে। উল্লেখ্য যে ঐতিহাসিক আউনীআটী সত্ৰৰ সোণাৰীবাৰী গাঁৱৰ কাষেদি ব্ৰহ্মপুত্ৰৰ পৰা ফাটি ভকত চাপৰিৰ অভ্যন্তৰলৈ সোমাই অহা এটা সূতিয়ে ভীমপৰাত এতিয়া কালৰূপ ধৰি শ শ বিঘা কৃষি ভূমি খহাই পেলাইছে । ভীমপৰা-আউনীআটী সংযোগী পথ ইতিমধ্যে খহাই পেলোৱাৰ পিছত ভীমপৰা গাঁও নিবাসী প্ৰশান্ত বৰা,ধনীৰাম বৰা,মুহিৰাম বৰা,সৰুমাই গায়ন,আইধান বৰুৱা,বিশ্ব বৰা,নগেন ফুকন, কৃষ্ণ বৰা,বিৰেন শইকীয়া,ঘনশ্যাম বৰা আদি পৰিয়ালসমূহৰ ঘৰ,বৃহৎ তামোলবাৰী তথা অন্যান্য সা-সম্পত্তিৰ সংকটত পৰিছে । ইপিনে যোগেন বৰুৱা, নগেন ফুকনৰ কুঁহিয়াৰ খেতি নদীৰ বুকুত জাহ গৈছে । তদুপৰি অসীম গায়ন,জগত বৰুৱা, মণিৰাম বৰাৰ কুঁহিয়াৰ খেতি ইতিমধ্যে খহনীয়াৰ কৱলত পৰিছে । ভীমপৰা গাঁৱৰ নিবাসী ক্ৰমে কুমুদ বৰুৱা, প্ৰফুল্ল বৰুৱা, মুহিৰাম বৰুৱা,ঘনকান্ত শইকীয়া,অতুল শইকীয়া,চন্দ্ৰ বৰুৱা, চন্দ্ৰ ফু‌কন,বিশ্ব বৰা, মইনা বৰা,মুহিৰাম বৰা,লিলা ফুকন, দুলাল ফুকন, ৰন্জ্ঞিত শইকীয়া,প্ৰশান্ত বৰা,কৃষ্ণ বৰা,বাবু বৰা,ধনীৰাম বৰা,আদিকে ধৰি ধৰি তিনি শতাধিক পৰিয়ালৰ লোকৰ লগতে উলুপাম,পকীমূৰী,জামুগুৰি,মিলন মধুপুৰ,কলিয়া ঘূলি,চামগুৰি আদি বিভিন্ন গাঁৱৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে ।

majuli4 খহনীয়া ইমানেই ভয়ংকৰ যে ইয়াক দেখিলেহে ইয়াৰ ভয়াবহকতা অনুভৱ কৰিব পাৰি। ভকত চাপৰিৰ সোতৰখন গাঁৱৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হ'লে ব্ৰহ্মপুত্ৰৰ পৰা ফাটি ভকত চাপৰিলৈ সোমাই অহা মূৰটো বন্ধ কৰাৰ ব্যৱস্থা লব লাগিব । এই অংশত আৰ চি চি পৰ্ক'পাইন দিলে সূতিটো বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ভদীয়া বানত অৰ্ধশতাধিক গাঁও ভদীয়া বানত  মাজুলী তথা লখিমপুৰ জিলাৰ লোহিত খাবলু গাঁও পঞ্চায়তত অৰ্ধশতাধিক গাঁও প্লাবিত হৈছে । বিশেষকৈ কুলামুৱা চাপৰি, বালি জকাইবোৱা, বিজয় চাপৰি, শিয়াল চাপৰি, বগৰীগুৰি,এজাৰগুৰি,টেঙাগুৰি,নামনি জকাইবোৱা,১ নং বেঙেনা কলিয়া,উৱনি জকাইবোৱা,১ নং মেৰুৱাবাৰী,মানিক চাপৰি আদি গাঁওবোৰ বৰ্তমান ভদীয়া বানৰ কৱলত পৰিছে ।কুলামুৱা প্ৰাথমিক বিদ্যালয়, বালি জকাইবোৱা প্ৰাথমিক স্কুল, বগৰিগুৰি , মানিকপুৰ, মানিকপুৰ এম ই স্কুল, শিয়াল চাপৰি প্ৰাথমিক বিদ্যালয়,বিজয় চাপৰি প্ৰাথমিক বিদ্যালয়, এজাৰগুৰি প্ৰাথমিক বিদ্যালয়,এজাৰগুৰি মিলি প্ৰাথমিক বিদ্যালয়, নামনি জকাইবোৱা এম ই স্কুল, টেঙাগুৰি প্ৰাথমিক বিদ্যালয়, উজনী জকাইবোৱা প্ৰাথমিক বিদ্যালয়, মাজুলী আইলেণ্ড হামিংবাৰ্ড স্কূল আদি বিভিন্ন বিদ্যালয়ত হোৱা ভদীয়া বানৰ বাবে পাঠদান ব্যাহত হৈ পৰাৰ লগতে শালি খেতি,মাটি মাহত হোৱা পানীৰ বাবে নষ্ট হৈ পৰিলক্ষিত হৈছে । সকলো কৃষিভূমি পানীৰ তল যোৱাত  পহুধনৰ খাদ্যৰ সমস্যাৰ সৃষ্টি হৈছে । ইপিনে লখিমপুৰ জিলাৰ লোহিত খাবলুৰ চানং, কুলামুৱা,মৰলীয়া, বৰুণচুক, কামবং,হস্তিণাপুৰ, উত্তৰ ডাম্বুকিয়াল, ললিটি মৰাং, দুঘৰীয়া চেলেক, যোগীবাৰী,বৰবালি,কামৰেক,বৰালীমৰা,পাথুৰিচুক আদি বিভিন্ন গাঁৱত হোৱা ভদীয়া বানে অধিক সমস্যাৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত পাঠদান ব্যাহত হৈ পৰিছে।

Your Comments