বঙাইগাঁৱত আগন্তুক দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ সভা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক

বঙাইগাঁৱত আগন্তুক দুৰ্গাপূজা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে বৃহত্তৰ বঙাইগাঁৱৰ দুৰ্গাপূজা সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকলক লৈ শনিবাৰে  এখন সভা অনুষ্ঠিত কৰে ৷ বঙাইগাঁও  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে জিলা উপায়ুক্ত আদিল খানে ৷ সভাত অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই পূজা উদ্‌যাপন সমিতিসমূহে পালন কৰিবলগীয়া নীতি-নিয়মসমূহ সভাপতি আৰু সম্পাদকসকলক অৱগত কৰে ৷ পূজা সমিতিসমূহক পূজাৰ সময়ছোৱাত আইন- শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ৷ সভাত তেওঁ লগতে কয় যে পূজা সমিতিসমূহে এপিডিচিএলৰ পৰা উপযুক্ত প্ৰমাণপত্ৰ লৈ অনুমতিৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন দাখিল কৰিব লাগিব ৷ আকস্মিকভাৱে অগ্নিকাণ্ড হ’লে নিয়ন্ত্ৰণ কৰিবলৈ বালি, পানী, ফায়াৰ এক্সটিংগুইছাৰ মজুত ৰাখিব লাগিব আৰু কোনো সম্ভাব্য বিপদৰ পৰা নিৰাপদে থাকিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ পৰা উপযুক্ত প্ৰমাণপত্ৰ ল’ব লাগিব ৷ সেইদৰে পূজাসমূহ কোনো বৈদ্যুতিক তাঁৰ সংযোগ থকাৰ তলত অনুষ্ঠিত কৰিব নোৱাৰিব ৷ যথেষ্টসংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰৰ বাবে নাম, ঠিকনা , ফটোসহ আৰক্ষী অধীক্ষকৰ ওচৰত স্বাক্ষৰৰ বাবে জমা দিব লাগিব ৷ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা পূজা মণ্ডপৰ সম্মুখত মঁজুত ৰাখিবলৈকো আহ্বান জনায় ৷ ইয়াৰ উপৰিও চিচিটিভি কেমেৰা পূজা মণ্ডপৰ সম্মুখত আৰু মণ্ডপৰ পিছফালে  সংস্থাপন কৰিবলৈ কোৱাৰ লগতে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা ৰাখিবলৈ আহবান জনায় ৷ আনহাতে পুৰুষ-মহিলাৰ বাবে আহল-বহলকৈ প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানৰ বাট-পথ ৰাখিবলৈও কয় । এই সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা পূজা উদযাপন সমিতিসমূহক পূজা মণ্ডপত কোনো ধৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আৰু মণ্ডপৰ চৌপাশ পৰিস্কাৰ - পৰিচ্ছন্ন ৰখাৰ বাবে দুটা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । ইফালে,সভাৰ সভাপতি তথা উপায়ুক্ত আদিল খানে পূজা সমিতিসমূহক পূজাৰ সময়চোৱাত পূজা মণ্ডপৰ আশে-পাশে ক নিচাজাতীয় দ্ৰব্যৰ যাতে প্ৰাদুৰ্ভাৱ নঘটাৰ ক্ষেত্ৰত সজাগ হ'বলৈ কয় আৰু প্ৰসাদ জাতীয় বা কোনো খাদ্যবস্তুৰ বাবে প্লাষ্টিক সামগ্ৰীৰ সলনি কাগজ বা কাগজৰ প্লেট ব্যৱহাৰ কৰিবলৈ আহবান জনায়। নিশা ১০ বজাৰ পিছত মাইক নবজাবলৈও সমিতিসমূহক অনুৰোধ জনায় । তেওঁ সমিতিসমূহক লগতে কয় যে এইটো এটা আস্থা আৰু বিশ্বাসৰ গুৰুত্বপূৰ্ণ উৎসৱ। সেয়ে কাৰো অসুবিধা সৃষ্টি নোহোৱাকৈ নীতি-নিয়মসমূহ প্ৰস্তুত কৰা হৈছে বুলি কৈ সকলো পূজা সমিতিসমূহক মণ্ডপৰ ওচৰত এটা সামাজিক পৰিৱেশ গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷ যাতে পূজাৰ সময়ত সমাজলৈ এটা ইতিবাচক  বাৰ্তা কঢ়িয়াই  নিব পৰা যায়।পূজা মণ্ডপত কোনো ধৰণৰ প্লাষ্টিক উপাদান ব্যৱহাৰ নকৰি প্লাষ্টিকৰ সলনি বিকল্প হিচাপে প্ৰাকৃতিক তথা জৈৱ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ নিদ্দেৰ্শ দিয়ে ৷ সভাত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল আৰু বঙাইগাঁও পৌৰ সভাৰ সভাপতি দীপু চৌধুৰীয়ে পূজা সমিতিসমূহক স্বচ্ছতাৰ দিশত গুৰুত্ব প্ৰদান কৰি পূজাৰ শেষৰ দিনা সকলোকে পূজা অনুষ্ঠিত কৰা ঠাইসমূহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ বাবে আহবান জনায় । এই পূজা মণ্ডপত স্বচ্ছতা, শৃংখলা , সেউজ কৰি ৰখাত শ্ৰেষ্ঠ বিবেচিত হোৱা তিনিখন পূজা সমিতিক বঙাইগাঁও পৌৰ সভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে ৷ আনহাতে, উপায়ুক্ত আদিল খানে বিসৰ্জন কাৰ্য বিয়লি ৬-৭ বজাৰ ভিতৰত সমাপ্ত কৰিব লাগিব বুলি অাহবান জনায়।অহা ২৮ ছেপ্টেম্বৰত বঙাইগাঁও অগ্নিনিৰ্বাপন বাহিনীৰ সহায়ত অনুষ্ঠিত কৰিবলৈ লোৱা এক প্ৰশিক্ষণ কাৰ্যসূচীত সকলোকে উপস্থিত থাকি প্ৰশিক্ষণ আহৰণ কৰিবলৈ তেওঁ আহবান জনায় । সভাত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল, অন্যান্য বিভাগৰ বিষয়া- কৰ্মচাৰীসকল আৰু বৃহত্তৰ বঙাইগাঁৱৰ পূজা সমিতিসমূহৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে ।

 

Your Comments