জেংৰাইমুখত পোষণ অভিযান:বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যমেলা-সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

মাজুলী

নিউজ এ এছ এন,মাজুলী

'পোষণ মাহ (পৰিপুষ্টি মাহ)-২০১৯' উপলক্ষে মাজুলী জিলা সমাজ কল্যাণ বিভাগে মাজুলী জিলা প্ৰশাসনৰ সহযোগত শনিবাৰে জেংৰাইমুখত থলুৱা পৰম্পৰাগত খাদ্যাভাস আধাৰিত  জনগোষ্ঠীয় কৃষ্টি মেলাৰ অনুষ্ঠান ৰূপায়ণ কৰে। মিছিং,সোণোৱাল কছাৰী, দেউৰী, নেপালী, বঙালী আৰু  সৰ্বসাধাৰণ অসমীয়া মানুহৰ পৰম্পৰাগত খাদ্য-ব্যঞ্জনত ব্যৱহৃত পুষ্টিদায়ক শাক-পাচলি আৰু বিভিন্ন খাদ্য উপকৰণৰ প্ৰদৰ্শনী আৰু গীত-নৃত্যৰে এই জনগোষ্ঠীয় কৃষ্টি মেলা অনুষ্ঠিত হয় । দিনৰ এঘাৰ বজাৰ আৰম্ভ হোৱা এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

মাজুলী

উল্লেখ্য যে ৰাষ্ট্ৰীয় পোষণ অভিযানৰ অধীনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ মাজুলী জিলাতো পালন কৰা পোষণ মাহ কাৰ্যসূচীৰ অংশ হিচাপে জিলা প্ৰশাসন আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ সহযোগত জিলা সমাজ কল্যাণ বিভাগে এদিনীয়াকৈ আয়োজন কৰা এই জিলাস্তৰীয় জনগোষ্ঠীয় খাদ্য তথা কৃষ্টি মেলাৰ কাৰ্যসূচী মুকলি হোৱাৰ পিছত আদৰণি ভাষণ প্ৰদান কৰে মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া নিৰদা দলেই। উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ প্ৰকল্প বিষয়া বীনিতা সেনে আঁত ধৰা অনুষ্ঠানত মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই পোষণ অভিযান সন্দৰ্ভত শপত বাক্য পাঠ কৰোৱায় । মিচিং, দেউৰী,সোণোৱাল-কছাৰী,নেপালী,বঙালী আৰু সৰ্বসাধাৰণ অসমীয়া আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠা সমন্বয়ৰ জৰিয়তে এই মহৎ উদ্দেশ্য যাতে সফল কৰি তুলিব পৰা যায়,তাৰবাবে প্ৰত্যেক জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় নৰেন দাস, উৎপল দলে,জিলা সহকাৰী আয়ুক্ত হেমাদ্ৰী বৰা, জিলা সমাজ কল্যাণ বিষয়া নিৰদা দলে, সংলগ্ন ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, উজনি মাজুলীৰ খণ্ড উন্নয়ন বিষয়া পলাশৰঞ্জন হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰবীণ কুমাৰ সন্দিকৈৰ লগতে জিলা পৰিষদ সদস্য দেৱজিৎ পাতিৰ, উজনি মাজুলী আঞ্চলিক পঞ্চায়ত সভানেত্ৰী ৰেখামণি দলে,জেংৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে অংশগ্ৰহণ কৰে।

Your Comments