বহু বছৰ ধৰি অসম্পূৰ্ণ চৌমুখাঘাটৰ পকী দলং:শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী

Pic

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

বহু বছৰ ধৰি অসম্পূৰ্ণ চৌমুখাঘাটৰ পকী দলং৷কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলা সংযোগী বৰলীয়া নৈৰ ওপৰত থকা উক্ত দলংখনৰ বাবে বছৰৰ পিছত বছৰ ধৰি যন্ত্ৰণা ভোগ কৰি আছে পথচাৰীয়ে৷বিগত কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ দ্বিতীয় কাৰ্য্যকালৰ পহিলা বৰ্ষতে আৰম্ভ কৰা উক্ত দলংখনৰ ইজনৰ পিছত সিজনকৈ তিনিজন ঠিকাদাৰহে সলনি হ'ল,কিন্তু দলংখন হ'লে সম্পূৰ্ণ নহ'ল৷এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰঙিয়া গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া- কৰ্মচাৰীৰ লগতে বিভাগটোৰ উৰ্ধতন আমোলা-বিষয়ালৈকে সন্দেহৰ আঙুলি টোঁৱাইছে ৰাইজে ৷ ৰাইজে হাজো আৰু নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক দুগৰাকীক আবেদন-নিবেদন কৰিছে,ফল হে ধৰা নাই৷মাজতে কাঠৰ দলংখন নতুকৈ নিৰ্মাণ কৰিছিল,কিন্তু তাকো উটুৱাই নিলে বৰলীয়াৰ বানে৷বৰ্তমান এখন বাঁহৰ সাঁকোই হৈছে যাতায়তৰ একমাত্ৰ পথ৷মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ জন্মগাওঁখনৰ ওচৰৰে উক্ত দলংখন নিৰ্মাণত শইকীয়াই বলিষ্ঠ ভূমিকা ল'ব বুলি ৰাইজৰ আগত সদৰি কৰিছে৷ৰাইজৰ আশা পৰিবৰ্তনশীল চৰকাৰখনে শীঘ্ৰে দলংখন সম্পূৰ্ণ কৰি তুলিব৷

Your Comments