চৰাইদেউৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৌজন্যত শিপিনীৰ অৰ্থনৈতিক উন্নয়ন আঁচনিৰ অধীনত বটামৰাৰ মাউতগাঁৱত প্ৰেৰণা আত্মসহায়ক গোটৰ শিপিনীসকলৰ এমহীয়া হস্ততাঁত প্ৰশিক্ষণ আৰম্ভ হৈছে।
অলপতে অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে।
জেউতি বোৱা-কটা সমিতিৰ সভাপতি পৱিত্ৰ বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰেৰণা গোটৰ সম্পাদিকা ডলী চুটীয়াই।
উদ্বোধনী ভাষণত বিধায়ক যোগেন মহনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে অৱগত কৰি শিপিনীসকলক আঁচনিসমূহৰ বিষয়ে সজাগ হ’বলৈ আৰু কৰ্ম কৰাৰ প্ৰকৃত মানসিকতা গঢ়ি তুলিবলৈ আহ্বান জনায়।
চৰাইদেউ জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে বিভাগৰ আঁচনিসমূহৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়োৱাৰ লগতে শিপিনীসকলক আঁচনিৰসমূহৰ অন্তৰ্ভুক্ত হৈ বয়নশিল্পৰ দ্বাৰা আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায়।
জিলাখনৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শিকা প্ৰীতিমা চাংমাইয়ে ব্যৱসায়িক মনোবৃত্তিৰে শিপিনীসকলক শিল্পটোৰ সৈতে জড়িত হৈ স্বাৱলম্বী হ’বলৈ উৎসাহিত কৰে।
সভাত দিচাংপানী উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক জয়ন্ত টাইৰাই, সচেতন নাগৰিক মঞ্চৰ বিপুল মহন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক মোহন চন্দ্ৰ গগৈ সমাজ সেৱিকা অলি মহন,পৰিদৰ্শক শেৱালি পেগু আৰু বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
- Log in to post comments
- 2 views