জামুগুৰিহাটত "ৰত্নাকৰ"ৰ প্ৰচাৰ চলালে যতীন-বৰষাই 

jatin baraxa

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্রতিবেদন :

অসমীয়া কথা ছৱি “ৰত্নাকৰ” প্ৰচাৰৰ বাবে শুকুৰবাৰে পুৱাই জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত দিনৰ ১০ বজাত উপস্থিত হয় ছৱিখনৰ পৰিচালক তথা অভিনেতা যতীন বৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়া সহ শিল্পী সকল ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত বিশেষভাৱে ছৱিখনৰ প্ৰচাৰ চলোৱা বুলি মন্তৱ্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।নিজৰ ওপজা দিনটোত আপোন ঘৰৰ পৰা আতৰি দৰ্শকৰ লগত কটাই জন্মদিন উদযাপন কৰিলে অভিনেত্ৰী গৰাকীয়ে৷ছবিৰ প্ৰচাৰৰ মাজতে জাতি মাটি ভেটি ৰক্ষা কৰা শ্বহীদ সকল আৰু প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাকো স্মৰণ কৰিলে বৰষাই ৷ ইফালে অসমীয়া ছৱিৰ প্ৰিয় অভিনেতা অভিনেত্ৰী দুজনক ওচৰত পাই উৎফুল্লিত হৈ পৰা  মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে "ৰত্নাকৰ" ছৱিৰ অভিনেতা অভিনেত্ৰী সকলৰ লগতে শিল্পীৰ দলটোক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ লগতে চতিয়া মহাবিদ্যালয় আৰু বিশ্বনাথ মহাবিদ্যালয়তো ছবিখনৰ প্ৰচাৰ চলালে টিম ৰন্তাকৰে ৷ 

Your Comments