বজালীৰ এখন চিকিৎসালয়খনত আছে সকলো ব্যৱস্থা, কিন্তু ডাক্তৰ আৰু নাৰ্ছহে নাই 

bajali

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :

বজালীৰ বনগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্রটোৰ কাম কাজ আৰম্ভ নৌহওঁতেই লাহে লাহে  যেন এক আৰাজক অৱস্থালৈ গতি কৰিব লৈছে কেন্দ্ৰটো। একাৰ্থত কবলৈ গলে স্বাস্থ্য কেন্দ্রটোৰ নিজ স্বাস্থ্যটোকে যেন এতিয়া পঁয়ালগা ৰোগে এফালৰ পৰা গ্ৰাস কৰি আনিছে। ১ কৌটি ২০ লাখ টকা ব্যয় সাপেক্ষে ২০১৬ চনতে চিকিৎসালয়ৰ ঘৰ-দুৱাৰবোৰৰ নিৰ্মাণ কাৰ্য্য শেষ হৈছিল যদিও, চিকিৎসালয় খনত আজিলৈ নিযুক্তি দিয়া নহ'ল কোনো ডাক্তৰ অাৰু নাৰ্ছক। বনগাঁও, ৰামপুৰ , মৰিপুৰ , কাঁচকুৰী, মাগুৰি,  বুঢ়াভিঠা , বাগনা, পাণৰাকে ধৰি প্ৰায় ১০ খন গাঁওক সামৰি এক বৃহৎ অঞ্চলৰ ৰাইজে চিকিৎসালয়ত ডাক্তৰ নাৰ্ছৰ অভাৱত গাঁও ১২ -১৩ কিলোমিটাৰ দূৰৰ চিকিৎসালয়লৈ যাব লগা অৱস্থা হৈছে ।
bajali2 লাহে লাহে ভূত বাংলালৈ পৰিনত হ'ব ধৰা চিকিৎসালয় খনৰ সমগ্ৰ চৌহদটো বনগাঁও গাঁও উন্নয়ন সমিতিৰ সদস্য সকলে দীৰ্ঘ দিনৰ পৰাই বিনা বেতনে চোৱা চিতা কৰি আছে বাবেহে কোনো অসমাজিক চক্ৰই ঘাটি পাতিব পৰা নাই। স্থানীয় বিধায়ক তথা বিভাগীয়  কৰ্তৃপক্ষই আজিলৈ কোনো  পদক্ষেপ হাতত নোলোৱাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ।bajali3 অঞ্চলবাসীয়ে এতিয়া  প্ৰশ্ন তুলিছে চৰকাৰ বা স্বাস্থ্য বিভাগৰ সুদৃষ্টি পৰিব নে এইখন চিকিৎসালয়ত ? চিকিৎসা ক্ষেত্ৰৰ আমূল পৰিবৰ্তন আনিব খোজা স্বাস্থ্য  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লবনে কিবা কাৰ্যকৰী পদক্ষেপ ? নে চিকিৎসালয়ৰ নামত নিৰ্মাণ কৰা ঘৰ কেইটা চায়েই সান্তনা লভিব লাগিব এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ?

Your Comments