বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
বৰপেটাৰোডৰ উত্তৰ আঠিয়াবাৰীৰ উত্তম সাহা নামৰ লোক জনৰ কণ্যা তথা দ্ৰোণাচাৰ্য্য একাডেমিৰ বাণিজ্য শাখাৰ স্নাতক প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰী ইসিকা সাহা (১৭বছৰ)ই যোৱা ১ আগষ্টত নিজ গৃহত চিপলৈ আত্মহত্যা কৰিছিল ৷ স্থানীয় প্ৰগতি সংঘত ডেঞ্চ শিকোৱা ইসিকাৰ এই আত্মহত্যাক পৰিয়ালৰ লোকে সহজ ভাৱে ল'ব পৰা নাই ৷
এইক্ষেত্ৰত তেখেত সকলে ইসিকাৰ প্ৰেমিক অনিকেশ দে আৰু তেওঁৰ মাতৃ বিউটি দেৰ ওপৰত এক গুৰুতৰ অভিযোগ তুলিছে ৷ পৰিয়ালে এই সম্পৰ্কত ইতিমধ্যে বৰপেটাৰোড থানাত এটি গোচৰো ৰুজু কৰিছে ৷ দেউতাক উত্তম সাহাই এজাহাৰত উল্লেখ কৰা মতে অনিকেশ আৰু ইসিকাৰ দুবছৰমান ধৰি ভালপোৱা আছিল যদিও তেওঁলোকে ছয়মাহ মান আগতে গম পায় ৷ অৱশ্যে অনিকেশৰ মাতৃয়ে প্ৰথমৰ পৰাই জানিছিল বুলিও তেওঁ জনায়।
মোমায়েকৰ ঘৰত মাকৰ লগত থাকি ফটোগ্ৰাফাৰৰ কাম কৰা অনিমেশ আৰু তেওঁৰ মাতৃ বিউটিয়ে বিভিন্ন চল চাতুৰী আৰু প্ৰলোভন দি ইসিকাৰ পৰা সোণ আৰু টকা পইচা সৰকাই নিয়ে ৷ আনকি সেন্দুৰ পিন্ধাই বিয়া কৰাব বুলি প্ৰতিশ্ৰুতিয়ো দিয়ে ৷ অৱশ্যে তেওঁ ঘৰত সিন্দুৰ পিন্ধা নাছিল ৷
টকা পইচা আৰু সোণ সৰকোৱাৰ পিছত তেওঁলোকে ইসিকাৰ লগত সম্পৰ্ক কমাই মানসিক ভাৱে নিৰ্যাতন কৰাৰ বাবে মানসিক ভাৱে ভাগি পৰি আত্মহত্যাৰ পথ ইসিকাই বাচি লয় বুলি তেওঁলোকে অভিযোগ তুলিছে ৷ ইসিকাৰ এইবোৰ কথা তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ লক হৈ থকা মোবাইল ফোনটো খোলাৰ পিছত ইসিকাই অনিকেশক আত্মহত্যা কৰিব বুলি দিয়া মেছেজবোৰৰ পৰা জানিব পাৰে ৷
সেয়ে পৰিয়ালৰ লোক আৰু মহিলা সমিতিয়ে ১৫ আগষ্টৰ দিনা তেওঁলোকৰ ঘৰলৈ যোৱাত অনিকেশ আৰু মাতৃ বিউটিয়ে ইসিকাৰ পৰা সোণ আৰু টকা নিয়াৰ কথাটো স্বীকাৰো কৰে ৷
সকলোবোৰ কথা পৰিয়ালৰ লোকে গম পাই পিছত বৰপেটাৰোড থানাত এক গোচৰ ৰুজু কৰে ৷ এই কথাৰ উমান পাইয়ে অনিকেশ আৰু বিউটিয়ে পলায়ন কৰে আৰু আজিলৈকে পলাতক অৱস্থাত আছে ৷ আৰক্ষী আৰু ইসিকাৰ পৰিয়ালে বৰ্তমানলৈ তেওঁলোকৰ কোনো সম্ভেদ পোৱা নাই ৷
সেয়ে কোনোবাই যদি এওঁলোকৰ কিবা সম্ভেদ পালে ৬৯০১৪৮৭৩২৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
- Log in to post comments
- 33 views