বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
'মুকুন্দ কাকতি জীয়াই আছে, মুকুন্দ কাকতি এটা আদৰ্শ। মানুহ এজন কেনেকৈ মুকুন্দ কাকতি হ'ল,তাৰ গৱেষণা কৰিব লাগে'-এই বক্তব্য নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ।শুকুৰবাৰে
নলবাৰী জিলাৰ সোণকানি বৰগোঁহাই ঘৰ প্ৰাংগণত শ্বহীদ মুকুন্দ কাকতি স্মৃতি ন্যাসৰ উদ্যোগত বৃহত্তৰ সোণকানি গাঁও উন্নয়ন সমিতি আৰু শ্বহীদ মুকুন্দ কাকতি স্মৃতি সংঘ (সোণকানি)ৰ সহযোগত শ্বহীদ মুকুন্দ কাকতি স্মৃতি দিৱস উদযাপনত উপস্থিত থাকি তেওঁ এনেদৰে কয়।তেওঁ আৰু কয় যে এই অনুষ্ঠানটো প্ৰশাসনৰ লগত জড়িত হৈ কৰিব লাগে। তেওঁ শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতিত প্ৰতি বছৰে ছাত্র-ছাত্ৰীৰ মাজত শ্বহীদগৰাকীৰ সন্দৰ্ভত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। সভাত বিশিষ্ট সাংবাদিক বেদব্ৰত মিশ্ৰ উপস্থিত থাকি কয় যে তাহানিৰ ৪২'চনতে মুকুন্দ কাকতিয়ে দেশৰ হকে জীৱন উচৰ্গা কৰিব পাৰিছিল,বৰ্তমান আমি আনৰ সেৱাৰ বাবে ৰক্তদান কৰিবলৈও কুণ্ঠাবোধ কৰোঁ। সভাত সাংসদ দিলীপ শইকীয়াও ভাষণ দিয়ে। সভাৰ আদিতে সত্যৰাম তালুকদাৰ সোঁৱৰণী ক্ষেত্ৰ উন্মোচন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত উপাধক্ষ ৰজত চন্দ্ৰ কলিতাই। অন্নৰাম কলিতা সোঁৱৰণী মঞ্চ উদ্বোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ন্যাসৰ সম্পাদক ডাঃ কামেশ্বৰ লহকৰে।
আদৰণি ভাষণ প্ৰদান কৰা ভূপেন তালুকদাৰে।স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি দিৱসৰ মুকলি সভাত উপষ্ঠিত থাকে সমাজকৰ্মী মাণিক তালুকদাৰ, শিক্ষাবিদ জ্যেতিষ ভূঞা, সমাজসেৱী সমীন্দ্ৰ নাথ মহন্ত। সভাৰ পূৰ্বে পুৱাৰ ভাগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,স্মৃতি ন্যাসৰ পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, পূষ্পাঞ্জলী প্ৰদান, বৃক্ষৰোপণ, গীত প্ৰতিযোগিতা,সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সন্ধিয়াত গীত-মাত পৰিৱেশন কৰা হয়।
- Log in to post comments
- 150 views