শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
বৰাক উপত্যকাৰ কাছাৰ জিলাৰ কালাইনৰ পৰা চেপ্তেম্বৰ মাহত হঠাৎ নিখোজ হয় এটা শিশু সন্তানসহ ২২ বছৰীয়া এগৰাকী বোৱাৰী।নিখোজ বোৱাৰীজনৰ নাম আয়েশা খাতুন আৰু তেওঁৰ স্বামী কাছাৰৰ কালাইন(ধুমকৰ)গাঁৱৰ ৰমজান আহমদ বুলি জানিব পৰা গৈছে।উল্লেখ্য,তিনি-চাৰি বছৰ আগতে কাটিগৰাৰ বিহাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰিষাকুড়ি গাঁৱৰ আয়েশাৰ সামাজিক বিয়া হৈছিল কালাইনৰ ধুমকৰ গাঁৱৰ ৰমজানৰ আহমেদৰ লগত।জন্ম হল দুটা শিশু সন্তানও। এতিয়া ডাঙৰ শিশুটোৰ বয়স ৬ বছৰ আৰু সৰু শিশুটোৰ বয়স প্ৰায় ২ বছৰ। বিয়াৰ কেইটামান বছৰ অতিবাহিত হ'ল যদিও সকলো আছিল ঠিকেই। কিন্তু,যোৱা ১০/১২ দিন আগতেই ৰমজানৰ সুখৰ সংসাৰত নামি আহিল আমানিশা।সৰু শিশুটোক লগত লৈ হঠাৎ অন্তৰ্ধান হ'ল ৰমজানৰ পত্নী আয়েশা খাতুন। ইয়াৰ পিছতেই দিকবিদিক হেৰুৱাই অসহায় হৈ পৰে ৰমজান।এতিয়া ডাঙৰ শিশুটোকলৈ চৰম বিপাঙত পৰিছে ৰমজান।কেইটামান দিন আগতে কালাইন আৰক্ষী চকীত অসহায় ৰমজানে নিখোজ সংক্ৰান্তীয় এটা গোচৰ ৰুজু কৰিছে যদিও এতিয়াও আৰক্ষীয়ে পোৱা নাই নিখোজ আয়েশাৰ কোনো সন্ধান। বৃহস্পতিবাৰ সংবাদ মাধ্যমৰ আগত ৰমজানে অভিযোগ কৰা মতে তেওঁৰ শশুৰেকৰ সহযোগত কলিকতাৰ কাপোৰ ব্যবসায়ী আলমে প্ৰেমৰ ছলনাত পেলাই লৈ গৈছে তেওঁৰ পত্নী আয়েশাক। কোনো লোকে আয়েশাৰ কোনো সন্ধান পালে কাটিগৰা মহিলা সুৰক্ষা সমিতিৰ সভানেত্ৰী জমিলা বেগমৰ এইটো- ৯৪৩৫২০১৪৪৯ মোবাইল নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ জনাইছে শিশু পুত্ৰটোকলৈ অসহায় হৈ পৰা কালাইনৰ ৰমজান আহমদে।
- Log in to post comments
- 85 views